ডিজিটেল ডেস্ক : ভাৰতে দেওবাৰে আই চি চি টি-২০ বিশ্ব কাপৰ ছুপাৰ এইটত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে খেলিব। দক্ষিণ আফ্রিকাই ইয়াত আজি চতুর্থখন মেচ খেলিব। আনহাতে, ভাৰতে মাথোঁ এখন মেচহে খেলিছে। আহমেদাবাদৰ পৰিৱেশৰ সৈতে তেওঁলোকৰ পৰিচিতিৰ বাবেই কাইলৈৰ খেলখনত দক্ষিণ আফ্রিকা আগবঢ়ি থাকিব বুলি ভাবে পেচাৰ কৰ্বিন বছে।
পেচাৰগৰাকীয়ে কয়, 'আমি ভাগ্যৱান যে আহমেদাবাদত কেইবাখনো মেচ খেলিবলৈ পালোঁ। অভিজ্ঞতা লাভ কৰিলোঁ। আহমেদাবাদৰ পৰিৱেশৰে খাপ খুৱাবলৈ সক্ষম হৈছোঁ। সেই অনুসৰি মেচৰ বাবে পৰিকল্পনা কৰিব পাৰিম। ভাৰতীয় ক্রিকেটাৰৰ বাবে ৰণ-নীতি প্রস্তুত কৰা হ'ব।' সূৰ্যকুমাৰ যাদৱ বাহিনীৰ সকলোৰে বাবে সুকীয়া পৰিকল্পনা থাকিব।
দক্ষিণ আফ্রিকাৰ পেচাৰগৰাকীয়ে কোনো বিশেষ ভাৰতীয় ক্রিকেটাৰক লক্ষ্য কৰি লোৱাৰ কথা উল্লেখ কৰা নাই। তেওঁৰ মতে মেচত জয়ী হোৱাৰ সম্ভাৱনা সকলোৰে থাকে।