দক্ষিণ আফ্ৰিকা বিশ্ব টেষ্ট চেম্পিয়ন 

dainik janambhumi June 15, 2025

ডিজিটেল ডেস্ক : দক্ষিণ আফ্রিকাই যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক ৫ উইকেটৰ ব্যৱধানত পৰাজিত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰে। ইয়াৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ আই চি চি ট্রফী জয়ৰ ২৭ বছৰীয়া অপেক্ষাৰ অন্ত পৰে। উল্লেখযোগ্য যে দক্ষিণ আফ্রিকাই ১৯৯৮ চনত চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পাছত এবাৰো আই চি চি ট্রফী জয় কৰিব পৰা নাছিল। দলটোৱে ইয়াৰ পাছত খেলা প্ৰতিখন প্রতিযোগিতাতে সুন্দৰ প্ৰদৰ্শন কৰিলেও মূৰকত ট্ৰফী জয় কৰাৰ সপোন পূৰণ কৰিব পৰা নাছিল। ইয়াৰ ঐতিহাসিক লর্ডছত অনুষ্ঠিত হোৱা ২০২৩-২৫ চক্ৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাই নেলত শনিবাৰে দলটোৱে অষ্ট্ৰেলিয়াক পৰাজিত কৰি প্রথমবাৰলৈ খিতাপ জয় কৰে। 

দক্ষিণ আফ্রিকাক জয়ৰ বাবে দ্বিতীয় ইনিংছত প্রয়োজন হৈছিল ২৮২ ৰানৰ। টেষ্টখনৰ শনিবাৰে চতুর্থ দিনা দলটোৱে পাঁচটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। এইডেম মাৰ্কৰমৰ সংঘর্ষপূর্ণ শতৰান আৰু টেম্বা বাভুমাৰ অধিনায়কোচিত অর্ধশতৰানৰ সহায়ত দক্ষিণ আফ্রিকাই সহজে জয়ৰ লক্ষ্যত উপনীত হয়। দক্ষিণ আফ্রিকাৰ জয়ৰ নায়ক মাৰ্কৰমে ২০৭টা বলত ১৩৫ ৰান কৰে। প্ৰথম ইনিংছত তেওঁ এটাও ৰান কৰিব পৰা নাছিল। তেওঁ আউট হোৱাৰ সময়ত দলটো জয়ৰ পৰা মাত্র ৬ ৰান দূৰত আছিল। মাৰ্কৰমক সুন্দৰ সহযোগিতা আগবঢ়োৱা অধিনায়ক বাভুমাই শনিবাৰে বেছি সময় ক্রিজত তিষ্ঠি থাকিব নোৱাৰিলে। তেওঁ ৬৬ ৰান কৰি পেভিলিয়নলৈ ওভতে। 

বাভুমাই বিদায় লোৱাৰ পাছত অষ্ট্ৰেলিয়াৰ বলাৰসকলে ক্ষুৰধাৰ বলিঙেৰে দক্ষিণ আফ্রিকাৰ বাবে সমস্যাৰ সৃষ্টি কৰে যদিও প্রতি পক্ষক লক্ষ্যত উপনীত হোৱাত হেঙাৰৰ সৃষ্টি কৰিব নোৱাৰিলে। ডেভিদ বেডিংহাম আৰু কাইল ভেৰেন যুটিয়ে অধিক ক্ষতি নোহোৱাকৈ দলক জয়ৰ লক্ষ্যত উপনীত কৰোৱায়। বেডিংহাম ২১ ৰানত আৰু ভেৰেন ৪ ৰানত অপৰাজিত হৈ থাকে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই প্রথম ইনিংছত ২১২ ৰান আৰু দক্ষিণ আফ্রিকাই প্রথম ইনিংছত ১৩৮ ৰান কৰিছিল। প্রথম ইনিংছত অষ্ট্ৰেলিয়াই ৭৪
ৰানৰ অগ্রগতি লাভ কৰে। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ২১৮ ৰান কৰি দক্ষিণ আফ্রিকাক জয়ৰ বাবে ২৮২ ৰানৰ লক্ষ্য বান্ধি দিয়ে। টেষ্টখনত দক্ষিণ আফ্ৰিকাৰ বলাৰ কেগিছো ৰাবাডাই মুঠ ৯টা উইকেট দখল কৰে। উল্লেখযোগ্য যে দক্ষিণ আফ্রিকাই লর্ডছত ২৮২ ৰানৰ লক্ষ্য অতিক্রম কৰে। ঐতিহাসিক খেলপথাৰখনত এয়া আছিল দ্বিতীয় সৰ্বাধিক ৰানৰ লক্ষ্য অতিক্রম।

Share This