ডিজিটেল ডেস্ক: চূড়ান্ত বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা ভাৰতে কালি আই চি চি টি-২০ বিশ্ব কাপত নিজৰ প্ৰথমখন ছুপাৰ এইটৰ খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ৭৬ ৰানত পৰাজয়বৰণ কৰে।
গ্রুপ ৱানৰ ছুপাৰ এইটৰ খেলখনত দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰি ৭ উইকেটত ১৮৭ ৰান কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৮.৫ অ'ভাৰত ১১১ ৰানতে অল-আউট হয়। দলৰ হৈ শিৱম ডুবেই সর্বাধিক ৪২ ৰান কৰে। ভাৰতৰ ইনিংছত মাথোঁ ৫গৰাকী বেটাৰে দুটা অংকৰ ৰান গোটায়, য'ত আনসকল ব্যর্থ হয়।
দক্ষিণ আফ্রিকাৰ মার্কো জেনছেনে সর্বাধিক ৪টা আৰু কেশৱ মহাৰাজে ৩টা উইকেট দখল কৰে। ইয়াৰ আগেয়ে যশপ্রীত বুমৰাহে তিনিটা আঘাত হানিলেও ডেভিদ মিলাৰ আৰু ডেৱাল্ড ব্রেভিছে দক্ষিণ আফ্ৰিকাৰ স্ক'ৰ ৭ উইকেটত ১৮৭ ৰানৰ সন্মানজনক অৱস্থানলৈ তুলি নিয়ে। এটা সময়ত দক্ষিণ আফ্রিকাই ৪ অভাৰত ২০ ৰানতে তিনিটা উইকেট হেৰুৱাই সংকটৰ সন্মুখীন হৈছিল। পিছে মিলাৰ আৰু ব্রেভিছে চতুর্থ উইকেটক মাথোঁ ৫১টা বলতে ৯৭ ৰানৰ যুটি বান্ধি খেলৰ দিশ সলনি কৰে।
১৫ অ'ভাৰত ৪ উইকেটত ১৪৪ ৰান কৰা দক্ষিণ আফ্রিকাই ২০০ ৰানৰ সীমা পাৰ কৰোৱাৰ পথতেই আগবাঢ়িছিল। কিন্তু বুমৰাহ (৩-১৫) আৰু অৰ্শদীপ সিঙৰ (২-২৮) শেষৰ ফালৰ আকর্ষণীয় বলিঙৰ বাবে দক্ষিণ আফ্রিকাই অন্তিম ৪টা অ'ভাৰত তিনিটা উইকেট হেৰুৱাই ১৮৭ৰানত ইনিংছ সামৰে। ত্রিষ্টান ষ্টাবছে ২৪টা বল খেলি ৪৪ ৰানত অবিজিত থাকে।