ডিজিটেল ডেস্ক : বলাৰৰ বধ্যভূমিত পৰিণত ইডেন গার্ডেনত প্রথম টেষ্টত ভাৰতক তিনি দিনৰ ভিতৰতে হৰুৱালে দক্ষিণ আফ্রিকাই। অফ-স্পীনাৰ ছাইমন হামাৰে দখল কৰা ৪টা উইকেটৰ সহায়ত ভাৰতক কালি তৃতীয় দিনা ৩০ ৰানত হৰুৱাই দুখনীয় টেষ্ট শৃংখলাত দক্ষিণ আফ্রিকাই ১-০ ব্যৱধানত অগ্রগতি লাভ কৰে।
ভাৰতৰ মাটিত ১৫ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাৰ এয়া টেষ্টত প্রথম জয়। জয়ৰ বাবে ১২৪ ৰানৰ লক্ষ্যৰ পিছ লোৱা ভাৰতে ৯ উইকেটত ৯৩ ৰানত অল আউট হয়। ডিঙিত আঘাত পোৱা শুভমন গীলে ভাৰতৰ দ্বিতীয় ইনিংছত পুনৰ বেট ধৰিব নোৱাৰিলে। দক্ষিণ আফ্রিকাই দ্বিতীয় দিনৰ স্ক'ৰ ৭ উইকেটত ৯৩ ৰানৰ পৰা কালি খেল আৰম্ভ কৰি ১৫৩ ৰানত দ্বিতীয় ইনিংছ সামৰি ভাৰতৰ সন্মুখত ১২৪ ৰানৰ লক্ষ্য বান্ধি দিছিল।
দক্ষিণ আফ্রিকাৰ বলিঙত তিষ্ঠিৱ নোৱাৰি ভাৰতে ৩০ ৰানত পৰাজয়বৰণ কৰে। হামাৰে ২১ ৰানত ৪টা আৰু মার্কো জেনছেনে ১৫ ৰানত দুটা উইকেট দখল কৰে। ভাৰতৰ দ্বিতীয় ইনিংছত মাথোঁ ৪ গৰাকী বেটাৰে দুটা অংকৰ ৰান গোটাবলৈ সক্ষম হয়। বাশিংটন সুন্দৰে সৰ্বাধিক ৩১, অক্ষৰ পেটেলে ২৬ আৰু ৰবীন্দ্র জাদেজাই ১৮ ৰানৰ অৱদান যোগায়। সংক্ষিপ্ত স্ক'ৰঃ দক্ষিণ আফ্রিকা: ১৫৯ আৰু ১৫৩, ভাৰতৰ ১৮৯ আৰু ৯৩।