টি-২০ বিশ্ব কাপঃ ছুপাৰ এইট, আজি ভাৰতৰ সন্মুখত দক্ষিণ আফ্রিকা

dainik janambhumi February 22, 2026

ডিজিটেল ডেস্ক: টি-২০ বিশ্ব কাপত আজি ছুপাৰ এইটৰ এখন মেচত আয়োজক ভাৰত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে ভাৰতে গ্ৰুপ পৰ্যায়ত চাৰিখন মেচৰ কেউখনতে জয়ী হৈ ছুপাৰ এইটত প্ৰৱেশ কৰে। 

ভাৰতে নিজৰ দাবী অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব। অৱশ্যে ভাৰতে আজি দক্ষিণ আফ্রিকাৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ অধিনায়ক সূর্যকুমাৰ যাদৱ আৰু তিলক বর্মাই বিশাল শ্বট খেলাৰ পৰিৱৰ্তে সুস্থিৰভাৱে বেটিং কৰাৰ কৌশলৰ আজি এক পৰীক্ষা হ'ব বুলি কোৱা হৈছে। দক্ষিণ আফ্ৰিকাৰ দলত কাগিছো ৰাবাডা, লুংগী এনগিডি, মার্কো য়ানছন, কেশৱ মহাৰাজ আৰু এডন মাৰ্কৰমৰ দৰে বলাৰক লৈ গঠিত শক্তিশালী বলিং বিভাগে আজিৰ মেচখনত ভাৰতৰ বেটিং বিভাগৰ বাবে প্রত্যাহ্বান সৃষ্টি কৰাৰো সম্ভাৱনা নথকা নহয়। 

উল্লেখযোগ্য যে দুয়োটা দলে বিগত দুমাহৰ ভিতৰত আজি ষষ্ঠবাৰৰ বাবে পৰস্পৰৰ মুখামুখি হ'ব। ভাৰতৰ বাবে প্রধান সমস্যাটো হ'ল অ'পেনাৰ ঈশান কিষাণক বাদ দি শীৰ্যক্ৰমৰ আন চাৰিজন বেটাৰৰ প্ৰদৰ্শন বিশ্ব কাপৰ প্ৰথম চাৰিখন মেচত চকুত পৰা বিধৰ নাছিল। অ'পেনাৰ অভিষেক শৰ্মাই চাৰিখন মেচৰ তিনিওখনতে এক ৰানো ‌কৰিব পৰা নাই। সূৰ্যকুমাৰ আৰু তিলকৰো প্ৰদৰ্শন সিমান উল্লেখনীয় নহয়।

ভাৰতে ৰানৰ বাবে হার্ডিক পাণ্ডিয়া আৰু শিৱম ডুবেৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিবলগীয়া হৈছে। কিন্তু ভাৰতৰ মূল শক্তি হ'ল বলিং বিভাগ। যশপ্রীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীৰ দৰে বলাৰে ভাৰতক বিশ্ব কাপৰ প্ৰবল দাবীদাৰ কৰি ৰাখিছে। উল্লেখযোগ্য যে মেচখন আজি সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব।

Share This