ছুপাৰ অ'ভাৰত জয়ী দক্ষিণ আফ্রিকা

dainik janambhumi February 12, 2026

ডিজিটেল ডেস্ক : দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে আই চি চি টি-২০ বিশ্ব কাপৰ গ্ৰুপ 'ডি'ৰ কালিৰ ৰোমাঞ্চকৰ খেলখনত দুবাৰকৈ জয়ী হোৱাৰ সুযোগ পাইছিল আফগানিস্তানে। কিন্তু দুয়োটা সুযোগেই হেৰুৱাই ইয়াৰ মূল্য ভৰিবলগীয়া হয় আফগানিস্তান বাহিনীয়ে। ইয়াৰ বিপৰীতে দক্ষিণ আফ্রিকাই দুটা ছুপাৰ অ'ভাৰত পৰাস্ত কৰে আফগানিস্তানক।

ৰোমাঞ্চকৰ খেলখনত দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰি কুইণ্টন ডে কক (৫৯) আৰু ৰিয়ান ৰিকলটনৰ (৬১) মাজত সংগৃহীত ১১৪ ৰানৰ জৰিয়তে ৬ উইকেটট ১৮৭ ৰানৰ প্ৰত্যাহ্বানমূলক স্ক'ৰ থিয় কৰে। প্ৰত্যুত্তৰত আফগানিস্তানে অ'পেনাৰ ৰহমনুল্লাহ গুৰবাজৰ ৪২টা বলত ৮৪ ৰানেৰে ১৯.৪ অ'ভাৰত ১৮৭ ৰানত অল আউট হোৱাত খেলখন টাই হয়।

ইয়াৰ ফলত খেলৰ ফল নিৰ্ণয়ৰ বাবে প্ৰথম ছুপাৰ অ'ভাৰৰ সহায় লোৱা হয়। আফগানিস্তানে প্রথমে বেট ধৰি বিনা উইকেটত ১৭ ৰান কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্রিকায়ো ১৭ ৰান কৰাত দ্বিতীয় ছুপাৰ অ'ভাৰৰ সহায় লোৱা হয়। দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰি ২৩ ৰান কৰে। আনহাতে, আফগানিস্তানে দুই উইকেটত ১৯ ৰান কৰি পৰাজয়বৰণ কৰে।

Share This