কেৰালা পালেহি দক্ষিণ-পশ্চিম মৌচুমী

dainik janambhumi June 05, 2026

ডিজিটেল ডেস্ক : অৱশেষত বৃহস্পতিবাৰে দক্ষিণ-পশ্চিম মৌচুমী বতাহ কেৰালা পালেহি। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এই কথা জনায়। সাধাৰণতে কেৰালাত মৌচুমী আহি পায়হি ১ জুনত আৰু মৌচুমী পোৱাৰ লগে লগেই ভাৰতত বর্ষাকাল (দক্ষিণ-পশ্চিম মৌচুমী ঋতু) আৰম্ভ হয়। এই বর্ষাকাল জুনৰ পৰা ছেপ্টেম্বৰলৈ থাকে। 

উল্লেখযোগ্য যে বতৰ বিজ্ঞান বিভাগে মৌচুমী স্বাভাৱিক সময়তকৈ (১ জুন) আগতে, ২৬ মে'ত কেৰালা পাবহি বুলি আগজাননী দিছিল। কিন্তু মৌচুমী স্বাভাৱিক সময়তকৈ তিনি দিন পাছতহে কেৰালা পালেহি। অহা ২-৩ দিনত মৌচুমীয়ে গোৱা, মহাৰাষ্ট্ৰ, অন্ধ্র প্রদেশ, কর্ণাটক, তামিলনাডুক আগুৰি ধৰিব। তদুপৰি অহা ২-৩ দিনত বংগোপসাগৰৰ কিছু অংশৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈও মৌচুমী আগবাঢ়িব। যোৱা সপ্তাহত বতৰ বিজ্ঞান বিভাগে বৃষ্টিপাতৰ আগজাননী সংশোধন কৰিছিল আৰু ইংগিত দিছিল যে এইবাৰ বৃষ্টিপাত স্বাভাৱিকতকৈ কম হ'ব। বতৰ বিজ্ঞানৰ মতে দীর্ঘ সময়ৰ গড়ৰ (এল পি এ) তুলনাত বৃষ্টিপাত এই বছৰ ৯০ শতাংশ হ'ব। উল্লেখযোগ্য যে ১৯৭১ চনৰ পৰা ২০২০ চনলৈকে সংগ্রহিত তথ্যৰ ভিত্তিত দেশৰ বৃষ্টিপাতৰ এল পি এ হৈছে ৮৭ চেঃমিঃ। 

ইফালে মৌচুমীৰ আগমনৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী মতে কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত আগন্তুক ৭ দিনত কিছু কিছু ঠাইত প্ৰবল বৰষুণ হ'ব। মধ্য প্রদেশ, ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত প্রাক-মৌচুমী ঘটনাৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ সম্ভাৱনা আছে। ইফালে মৌচুমীৰ আগমনৰ আগে আগে যোৱা দুদিন কেৰালাৰ বিভিন্ন অঞ্চলত প্রবল বৃষ্টিপাত হৈছে। বৃহস্পতিবাৰে পুৱাও ৰাজ্যখনৰ বহু ঠাইত প্ৰবল বৰষুণ হৈছিল। উল্লেখযোগ্য যে স্বাভাৱিকতে ১ জুনত মৌচুমী কেৰালা পায়হি। ইয়াৰ পাছত ডেৰ মাহত সমগ্র দেশত বিয়পি পৰে। ১৭ ছেপ্টেম্বৰ মানৰ পৰা ৰাজস্থানেদি মৌচুমীৰ প্ৰস্থান আৰম্ভ হয় আৰু ১৫ অক্টোবৰলৈ প্রস্থান সম্পূর্ণ হয়।

Share This