ডিজিটেল ডেস্ক : মহাকাশ-কেন্দ্রিক পাৰমাণৱিক প্ৰযুক্তিত নতুন যুগৰ সূচনা কৰিলে বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি ইলন মাস্কৰ 'স্পেচ এক্স'-এ। ব্যক্তিগত খণ্ডৰ মহাকাশ গৱেষণা সংস্থাটোৱে মঙলবাৰে কেলিফর্ণিয়াৰ পৰা বিশ্বৰ প্রথমটো বাণিজ্যিকভাৱে নির্মিত পাৰমাণৱিক শক্তিসম্পন্ন কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপণ কৰে।
বি অ' এইচ আৰ (বেটাভল্টাইক অর্বিটেল হাই ৰিলায়েবিলিটি) হিচাপে নামকৰণ কৰা কৃত্ৰিম উপগ্ৰহটো নিৰ্মাণ কৰিছে ফ্ল'ৰিডাৰ কোম্পানী চিটি লেবছে আৰু স্পেচ এক্সে ফেলকন-৯ ৰকেটৰ জৰিয়তে কেলিফ'ৰ্নিয়াৰ ভানডেনবার্গ স্পেচ ফ'র্চ বেছৰ পৰা উৎক্ষেপণ কৰে।
সৌৰ পেনেলৰ পৰা বিদ্যুৎ লাভ কৰা পৰম্পৰাগত কৃত্ৰিম উপগ্ৰহবোৰৰ বিপৰীতে এই বি অ' এইচ আৰ উপগ্ৰহটোত ব্যৱহৃত নেনোট্রিটিয়ামে বেটা কণাৰ পৰা শক্তি উৎপাদন কৰিব।