অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এনৰ বিশ্লেষণ, স্পেইনেই হ'ব বিশ্বকাপৰ চেম্পিয়ন!

dainik janambhumi June 13, 2026

ডিজিটেল ডেস্ক : ফুটবল বিশ্বকাপ আৰম্ভ হৈছে। এইবাৰৰ বিশ্বকাপ কোনে জয় কৰিব তাক লৈ ইতিমধ্যে ফুটবলপ্রেমীৰ মাজত বিভিন্ন ধৰণৰ জল্পনা-কল্পনা চলি আছে। ইয়াৰ মাজতে কালি অপ্টা ছুপাৰ কম্পিউটাৰ আৰু ই এছ পি এনে চলোৱা এটা বিশ্লেষণত এই বুলি কোৱা হৈছে যে এইবাৰৰ বিশ্বকাপৰ আটাইতকৈ প্ৰবল দাবীদাৰ হ'ল স্পেইন। 

ইউৰ' চেম্পিয়ন দল স্পেইনৰ প্ৰধান ভৰসা হ'ল ১৮ বছৰীয়া লেমিন য়মাল। তেওঁ স্পেনিছ লীগ লা লীগত সর্বাধিক ১৬টা গ'ল দি প্লেয়াৰ অব দ্য ছিজন বঁটা লাভ কৰিছিল। ইয়াৰ লগতে ৰড্ৰি আৰু পেড্ৰ'ৰ দৰে পৰাক্ৰমী মিডফিল্ডাৰক লৈ গঠিত স্পেইনৰ এটা শক্তিশালী দল। ৰড্ৰি ইতিমধ্যে আঘাতৰ পৰা উপশম লাভ কৰিছে আৰু দলক নেতৃত্ব দিছে। স্পেইনে বিশ্বকাপ জয় কৰাৰ সম্ভাৱনা ১৬.১%। আনহাতে, কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱাৰ ৫০% সম্ভৱান থকা স্পেইনেই একমাত্ৰ দল। 

ইউৰ' কাপ জয়ৰ পাছত স্পেইনে উৱেফা নেছনংছ কাপৰ ফাইনেলত উপনীত হৈছিল। ছুপাৰ কম্পিউটাৰ আৰু ই এছ পি এনৰ বিশ্লেষণৰ মতে, বিশ্বকাপৰ প্রবল দাবীদাৰৰ তালিকাত দ্বিতীয় স্থানত আছে ফ্রান্স। ফ্ৰান্সৰ বিশ্বকাপ জয়ৰ সম্ভাৱনা ১৩% বুলি কোৱা হৈছে। দলটোৰ তাৰকা খেলুৱৈ কিলিয়ান এমবাপে বর্তমান দুর্দান্ত ফর্মত আছে। তেওঁ যোৱাবাৰৰ বিশ্বকাপত হেটত্রিক কৰিছিল। যোৱাবাৰৰ ফাইনেলিষ্ট দলটোৰ নেতৃত্বত এমবাপেই আছে ফ্ৰান্সৰ বিশ্বকাপৰ আটাইতকৈ শক্তিশালী গ্ৰুপত। এই গ্ৰুপৰ দলকেইটা হ'ল ছেনেগালস নৰৱে আৰু ইৰাক। প্রশিক্ষক ডিডিয়েৰ দেচাম্পে বিশ্বকাপৰ পাছতে এই পদ এৰিব আৰু সেয়েহে তেওঁ ফ্রান্সক চেম্পিয়ন কৰি নিজৰ সপোন পূৰণ কৰি যাবলৈ বিচাৰিছে। ইফালে অধিনায়ক হেৰি কেনৰ ইংলেণ্ডৰ বিশ্লেষণটোত বিশ্বকাপৰ প্রবল দাবীদাৰৰ তালিকাত ৰখা হৈছে তৃতীয় স্থানত। তেৱোঁ এইবাৰ দুৰ্দান্ত ফৰ্মত আছে আৰু বিশ্বকাপৰ গ'ল্ডেন বুট তেৱেঁইে জয় কৰিব বুলিও আশা কৰা হৈছে। তেওঁ ২০২৫-২৬ ছিজনত ৫১খন মেচত ৬১টা গ'ল দিয়ে। ইংলেণ্ডৰ বিশ্বকাপ জয়ৰ সম্ভাৱনা ১১.২%। ইংলেণ্ডে বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী ৰাউণ্ডৰ সকলো মেচতে জয়ী হোৱা দ্বিতীয়টো দল। 

জুড বেলিংহাম আৰু ডেক্লান ৰাইচৰ দৰে তাৰকাৰে সমৃদ্ধ ইংলেণ্ডে বিগত দুখন ইউৰ 'কাপৰ দুয়োখনতে ফাইনেলত উপনীত হৈছে। তালিকাত চতুর্থ স্থানত আছে যোৱাবাৰৰ বিজয়ী লিয়'নেল মেছিৰ আর্জেন্টিনা। মেচিয়ে এইবাৰো প্ৰতিযোগিতাত নিজৰ চমৎকাৰী খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। যোৱাবাৰৰ বিশ্বকাপৰ গ'ল্ডেন বুট তেৱেঁই জয় কৰিছিল আৰু ফাইনেলত দুটা গ'ল দিছিল। আর্জেন্টিনা প্রবল দাবীদাৰৰ তালিকাত চতুর্থ স্থানত থকা বুলি অপ্টা ছুপাৰ কম্পিউটাৰে গণ্য কৰে। দলটোৰ কাপ জয়ৰ সম্ভাৱনা ১০.৪%। 


উল্লেখযোগ্য যে মেছিয়ে অভিলেখ সংখ্যক ষষ্ঠবাৰৰ বাবে এইবাৰৰ বিশ্বকাপত খেলিব। কিন্তু তেওঁৰ বাবে একেৰাহে দ্বিতীয়বাৰ বিশ্বকাপ জয় কৰাতো বৰ সহজ নহ'ব বুলি কোৱা হৈছে। ইফালে ৭% সম্ভাৱনাৰে এই তালিকাত পঞ্চম স্থানত আছে ফিফা ৰেংকিঙৰ পঞ্চম স্থানৰ দল পর্তুগাল। পর্তুগালৰ নক আউট পৰ্যায়ত উপনীত হোৱাৰ প্ৰবল সম্ভাৱনা থকা বুলি বিশ্লেষণটোত কোৱা হৈছে। দলটোৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল ষষ্ঠবাৰৰ বাবে বিশ্বকাপত খেলা ক্রিষ্টিয়ানো ৰ'নাল্ডো। দলত ৪১ বছৰীয়া ৰ'নাল্ডোৰ উপৰি ৰুবেন ডায়ছ, বার্নাডো ছিলভা আৰু ৰূবেন নেভেছৰ দৰে তাৰকাৰে সমৃদ্ধ। ইয়াৰ লগতে আছে নুন' মেণ্ডেছ, ভিতিনহা আৰু জোৱাও গোমছৰ দৰে তৰুণ খেলুৱৈ। 

উল্লেখযোগ্য যে অপ্টা কম্পিউটাৰ বিশ্লেষণ একেবাৰে নির্ভুল বুলি ক'ব নোৱাৰি। ছুপাৰ কম্পিউটাৰে তথ্যৰ ভিত্তিতহে বিশ্লেষণ কৰি মত আগবঢ়ায়। ইয়াত দল তথা খেলুৱৈৰ শেহতীয়া প্রদর্শন, ফর্ম আৰু আন তথ্যসমূহ বিশ্লষণ কৰি চোৱা হয়।

Share This