স্পেইনে আইনী মর্যাদা দিব অনুপ্ৰৱেশকাৰীক, অভূতপূর্ব পদক্ষেপ: লাভৱান হ'ব ৫-৮ লাখ অবৈধ প্ৰব্ৰজনকাৰী

dainik janambhumi January 29, 2026

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইউৰোপৰ বহু দেশত কঠোৰ প্ৰব্ৰজন নীতি গ্রহণ কৰাৰ বিপৰীতে স্পেইন চৰকাৰে মঙলবাৰে ঘোষণা কৰে যে কোনো অনুমতি নোহোৱাকৈ দেশখনত বাস কৰা আৰু কাম কৰা লাখ লাখ প্ৰব্ৰজনকাৰীক দেশখনে আইনী মর্যাদা দিব। সাপ্তাহিক কেবিনেট বৈঠকৰ পাছতে কালি স্পেইনৰ প্ৰব্ৰজন দপ্তৰৰ মন্ত্ৰী এলমা ছেইজে এই ঘোষণা কৰে। 

তেওঁ কয় যে তেওঁৰ চৰকাৰে বৰ্তমানৰ প্ৰব্ৰজন বিষয়ৰ আইনবোৰ সংশোধন কৰিব। স্পেই নত ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ আগত উপস্থিত হোৱা লোক আৰু যি প্রমাণ কৰিব পাৰে যে তেওঁলোকে কমেও পাঁচ মাহ দেশখনত আছে, তেনে লোকে অনুমতি লাভ কৰিব। অৱশ্যে, তেওঁলোকে কোনো অপৰাধমূলক ইতিহাস নোহোৱা কথাৰো প্ৰমাণ দিব লাগিব। আন দেশবোৰে প্ৰব্ৰজন আৰু আশ্রয় দিয়াত কঠোৰ পদক্ষেপ লোৱাৰ বিপৰীতে স্পেইনে সম্পূর্ণ বিপৰীত পদক্ষেপ গ্রহণ কৰিছে ।

উল্লেখযোগ্য যে দেশখনৰ প্রধানমন্ত্রী পেড্র' ছানচেজ আৰু তেওঁৰ মন্ত্ৰীসকলে প্রায়ে অর্থনীতিত প্ৰব্ৰজনৰ উপকাৰসমূহৰ গুণ-গান কৰে। মন্ত্ৰী ছেইজৰ মতে, এই পদক্ষেপৰ ফলত অনুমতি নোহোৱাকৈ বাস কৰা ৫,০০,০০০ প্ৰব্ৰজনকাৰী লাভৱান হ'ব। আন এক অধ্যয়ন মতে স্পেই নত অনুমতি নোহোৱাকৈ বাস কৰা প্ৰব্ৰজনকাৰীৰ সংখ্যা ৮ লাখমান হ'ব। ইয়াৰে বেছিভাগেই দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ। স্পেইনৰ অৰ্থনীতিৰ মেৰুদণ্ড কৃষি, পর্যটন আৰু সেৱা খণ্ডত তেওঁলোকে কাম কৰে।

Share This