ঢেকীয়াখোৱা বৰনামঘৰ ভ্ৰমণ কৰি অভিভূত স্পেইনৰ পৰ্যটক পৰিয়াল

dainik janambhumi August 25, 2025

ডিজিটেল ডেস্ক : অসমীয়াৰ অতি পৱিত্ৰ হিচাপে বিবেচিত ভাদমাহ বুলিলেই ৰাজ্যৰ আকাশে-বতাহে গুঞ্জৰিত হয় হৰিনামৰ সুমধুৰ ধ্বনি। বৈকুণ্ঠসদৃশ পৰিৱেশৰ সৃষ্টি হয় বিভিন্ন প্ৰান্তৰৰ সত্ৰ, নামঘৰ আদিত। হৰিভক্তিৰে মন-প্রাণ ভৰাই লোকাৰণ্য হৈ পৰে ধর্মানুষ্ঠানসমূহ। পূৰ্ব পৰম্পৰাৰ পৰা এইবাৰো ব্যতিক্ৰম নহয় অসমৰ এনে পীঠস্থানসমূহ। এই ভাদমাহৰ আজি প্ৰথমটো দেওবাৰে পূব যোৰহাটৰ দুই জনপ্রিয় ধর্মানুষ্ঠান ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰলৈ সোঁত বয় অগণন ভকত-বৈষ্ণৱৰ। বায়ুমণ্ডলীয় উষ্ণতাক একাষৰীয়া কৰি পুৱাৰপৰাই নিশা পর্যন্ত মহাপুৰুষ মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিৰ সেৱা গ্ৰহণ কৰিবলৈ ভক্তৰ লানি নিছিগা সোঁত। ধূপ-দীপ, শৰাই-নৈবেদ্য আগবঢ়াই সকলোৱে নিজৰ লগতে পৰিয়াল তথা সমাজখনৰ হকে আশিস লোৱাৰ যেন এক অঘোষিত প্রতিযোগিতা। ভক্তক সহায় কৰিবলৈ বৰনামঘৰ পৰিচালনা সমিতিৰ উপৰি আৰক্ষী প্রশাসন, অসামৰিক প্ৰতিৰক্ষা, স্বাস্থ্য, বিদ্যুৎ বিতৰক আদি অনবৰতে সষ্টম হৈ থকা পৰিলক্ষিত হয়। চাৰিলেনযুক্ত পথৰ বাবে বৰনামঘৰ দৰ্শনৰ বাবে অহা ভক্তৰ বাবে কিছু অসুবিধা হ'লেও ইয়াৰ বাবে সুদৃশ্য পথ নির্দেশন ফলকৰ ব্যৱস্থা কৰিছে পৰিচালনা সমিতিয়ে। 

ৰাষ্ট্ৰীয় ঘাইপথৰপৰা সোমাই যোৱা প্রায় তিনি কিঃমিঃ পথ যাতায়াতৰ বাবে বেচ সুচল। ঢেকীয়াখোৱাৰ পৰা মইনাপৰীয়া নামঘৰলৈ যোৱা পথো এইবাৰ অতিকে মসৃণ। বাহন পার্কিঙৰো সুব্যৱস্থা কৰিছে পৰিচালনা সমিতিয়ে। ইফালে ৰাজ্যৰ বা দেশৰ ভক্তৰ লগতে শনিবাৰে সুদূৰ স্পেইনৰ এটা পৰ্যটক পৰিয়ালে ঢেকীয়াখোৱা বৰনামঘৰ ভ্ৰমণ কৰি সন্তুষ্টি লাভ কৰা বুলি জানিবলৈ দিয়ে। দিনে-নিশাই কেতবোৰ বেচৰকাৰী অনুষ্ঠান বা ব্যক্তিবিশেষে ভক্তক সেৱাৰ মনোভাৱেৰে বিনামূলীয়াকৈ বিতৰণ কৰিছে বিশুদ্ধ খোৱাপানী, চৰবৎ অথবা খিচিৰি। শিৱসাগৰৰ এগৰাকী সমাজকৰ্মী জিতু হাজৰিকাই নিশা কেইবা সহস্রাধিক ভক্তক নিজা উদ্যোগত সুস্বাদু খিচিৰি আগবঢ়াই বৰনামঘৰত প্ৰশংসা বুটলিছে। মুঠতে ঢেকীয়াখোৱাত চাৰিপ্ৰসংগীয়া নাম প্রসংগত অংশ লোৱাৰ হেঁপাহেৰে ভাদৰ অনাগত দিনকেইটাত যে আৰু অধিক ভকত বৈষ্ণৱ সমবেত হ'ব সেয়া আজিয়েই প্রমাণিত হয়। 

সেইদৰে নৃসিংহ মুৰাৰি প্ৰভুৰ বাবে মহিমামণ্ডিত মইনাপৰীয়া নামঘৰতো দেওবাৰে একেই পৰিৱেশ। লাহদৈগড় চাৰিআলিৰ পৰা সোমাই অহা পথছোৱা অর্ধনির্মিত অৱস্থাত থকাৰ বাবে ধূলিয়ৰী হৈ পৰিলেও নামঘৰভাগিৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবেই ভক্তৰ সমাগম বৃদ্ধি হৈছে। আজি দুয়োটা ধর্মানুষ্ঠানত উলহ-মালহেৰে শংকৰদেৱ গুৰুজনাৰ তিথি উদ্যাপন কৰা হ'ব।

Share This