দেশত  হ’ব নেকি পেট্ৰল-ডিজেলৰ নাটনি? চৰকাৰী তেল কোম্পানীসমূহৰ বিশেষ স্পষ্টীকৰণ

Rashmi March 25, 2026

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সামাজিক মাধ্যমত দেশত পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱাক লৈ তীব্ৰ উৰাবাতৰি বিয়পি পৰিছে। এই খবৰৰ পাছতেই একাংশ গ্ৰাহকৰ মাজত আতংকৰ সৃষ্টি হৈছে আৰু বহু ঠাইত পেট্ৰল পাম্পত ইন্ধন ভৰাবলৈ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। এই পৰিস্থিতিক লক্ষ্য কৰি দেশৰ অগ্ৰণী তেল কোম্পানী ইণ্ডিয়ান অইল (IOCL) আৰু ভাৰত পেট্ৰলিয়ামে (BPCL) এক গুৰুত্বপূৰ্ণ বিবৃতি জাৰি কৰিছে।


তেল কোম্পানীসমূহৰ তৰফৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে দেশত পেট্ৰল বা ডিজেলৰ কোনো ধৰণৰ নাটনি হোৱা নাই। সামাজিক মাধ্যমত প্ৰচাৰিত খবৰসমূহক 'ভিত্তিহীন' বুলি আখ্যা দি কোম্পানীকেইটাই গ্ৰাহকসকলক আতংকিত নহ’বলৈ আহ্বান জনাইছে। তেওঁলোকে জনোৱা মতে, দেশৰ ইন্ধন যোগান শৃংখলা ম্পূৰ্ণৰূপে স্বাভাৱিক হৈ আছে।

চৰকাৰী সূত্ৰই নিশ্চিত কৰিছে যে ভাৰতৰ ওচৰত আগন্তুক দিনবোৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল আৰু পৰিশোধিত ইন্ধন মজুত আছে। তেল ডিপোসমূহৰ পৰা নিয়মিতভাৱে পেট্ৰল পাম্পসমূহলৈ যোগান ধৰা হৈছে, গতিকে ইন্ধন শেষ হোৱাৰ কোনো থল নাই।


আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি আৰু ভাৰতৰ স্থিতি

মধ্য-প্ৰাচ্যত চলি থকা যুদ্ধসদৃশ পৰিৱেশৰ বাবে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্যত কিছু তাৰতম্য ঘটিছে যদিও ইয়াৰ প্ৰভাৱ ভাৰতৰ অভ্যন্তৰীণ যোগানত পৰা নাই। কেন্দ্ৰীয় চৰকাৰে ইন্ধন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সকলো ধৰণৰ আগতীয়া প্ৰস্তুতি চলাই ৰাখিছে।


গ্ৰাহকলৈ বিশেষ অনুৰোধ

পেট্ৰলিয়াম মন্ত্ৰালয় আৰু তেল কোম্পানীসমূহে সাধাৰণ ৰাইজক তলত দিয়া দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাইছে:

১) কোনো ধৰণৰ উৰাবাতৰিত ভোল নগৈ প্ৰয়োজন অনুসৰিহে ইন্ধন ক্ৰয় কৰক।

২) পাম্পত অযথা ভিৰ কৰিলে পৰিবহণ ব্যৱস্থাত সাময়িক চাপ পৰিব পাৰে।

৩) কেৱল চৰকাৰী বা তেল কোম্পানীৰ আনুষ্ঠানিক পেজৰ তথ্যতহে বিশ্বাস কৰক।

চৰকাৰী তথ্য অনুসৰি, দেশত ইন্ধনৰ কোনো সংকট নাই। গতিকে নাগৰিকসকলে বিচলিত নহৈ স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত ৰখা উচিত।




প্ৰাগ নিউজ ডিজিটেল

Share This