ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বিশেষ পদক্ষেপ, গুৱাহাটী প্ৰেছ ক্লাবত ভিডিঅ' উন্মোচন

dainik janambhumi December 21, 2025

ডিজিটেল ডেস্ক : গুৱাহাটী প্ৰেছ ক্লাবত কালি এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত সংগীতৰ তিনিটা ভিডিঅ' আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভূপেনদাৰ ভগ্নী স্তুতি পেটেল। এই তিনিটা ভিডিঅ'ৰ ভিতৰত ভূপেনদাৰ জন্ম শতবার্ষিকী উপলক্ষে বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা ভিডিঅ'টি উন্মোচন কৰে স্তুতি পেটেলে। এই ভিডিঅ'টি হৈছে ড° ভূপেন হাজৰিকাৰ এক চিৰযুগমীয়া সৃষ্টি 'আমি অসমীয়া নহওঁ দুখীয়া' শীর্ষক গীতটিৰ বেহেলাৰ মাধ্যমেৰে কৰা প্ৰকাশ। 

ড° সত্যেন্দ্ৰ কুমাৰ চৌধুৰীৰ বেহেলাত গীতটি সুন্দৰভাৱে প্ৰকাশ পাইছে। ভিডিঅ'টিত ব্যৱহাৰ কৰা দৃশ্যাংশই গানটোৰ বক্তব্য ফুটাই তোলাত সহায়ক হৈছে। ভিডিঅ'টিৰ ভিডিঅ'গ্ৰাফী আৰু এডিটিং আজিবুল আলীৰ। সংগীত ব্যৱস্থাপনা কৰিছে প্ৰণৱজ্যোতি বৰাই। এই ভিডিঅ'টি ড° চৌধুৰীৰ 'বেহেলাত ড° ভূপেন হাজৰিকাৰ কণ্ঠ' শ্ৰেণীৰ ২৪নং ভিডিঅ'। ইয়াৰ আগতে বেহেলাত ভূপেনদাৰ আন ২৩টা গানৰ ভিডিঅ' ড° চৌধুৰীয়ে প্ৰকাশ কৰিছে, যিবোৰ Youtubeত উপলব্ধ। ড° চৌধুৰীয়ে ভূপেনদাৰ আশীৰ্বাদ আৰু অনুমতি লৈ তেওঁৰ ২৭টা কালজয়ী গীত বেহেলাত প্রকাশ কৰি তিনিটা শ্রব্য কেছেট হিচাপে ৰাইজলৈ আগবঢ়ায়। 

আজিলৈকে তাৰে ২৪টা গীতৰ ভিডিঅ' ৰূপ প্রকাশ পাইছে। উন্মোচক স্তুতি পেটেলে ভিডিঅ'টি উন্মেচন কৰি ড° চৌধুৰীৰ এই প্রচেষ্টাক ভূয়সী প্রশংসা কৰে। লগতে আগৰ দিনত ভূপেনদাৰ এনে কাৰ্যৰ দ্বাৰা তেওঁক জীয়াই ৰখাৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি সৃষ্টি কৰা আন এক মেছআপ (Mashup) ভিডিঅ' 'দিল তৰপ তৰপ/মই এটি যাযাবৰ' কালি উন্মোচিত হয়।

অসমৰ সৈতে বিশেষ সম্বন্ধ থকা বলিউদৰ প্ৰখ্যাত সংগীত পৰিচালক সলিল চৌধুৰীৰো জন্ম শতবার্ষিকী পৰিছে। দুয়োগৰাকীৰ গীতৰ মিশ্র এটা প্রার্থনা চৌধুৰীৰ কণ্ঠ আৰু ড° সত্যেন্দ্ৰ কুমাৰ চৌধুৰীৰ বেহেলাৰ দ্বাৰা ভিডিঅ'টিত প্ৰকাশ কৰা হৈছে। ৰূপম তালুকদাৰৰ সংগীতেৰে সজোৱা এই ভিডিঅ'টিৰ সাংগীতিক মান অতি উচ্চ খাপৰ হৈছে। ভিডিঅ'টিত ভূপেনদাৰ 'মই এটি যাযাবৰ' আৰু সলিল চৌধুৰীৰ 'দিল তৰপ তৰপ'ৰ সুন্দৰ মিশ্রণ ঘটিছে। ব্যতিক্রমী এই ভিডিঅ'টিৰ ভিডিঅ'গ্ৰাফী আৰু এডিটিং সম্পন্ন কৰিছে আজিবুল আলীয়ে। উন্মোচক স্তুতি পেটেলে এই ভিডিঅ'টি উন্মোচন কৰি ড° সত্যেন্দ্ৰ চৌধুৰীৰ এনে নতুনধৰণৰ সৃষ্টিৰ শলাগ লয়। 

কালি উন্মোচিত হোৱা তৃতীয় ভিডিঅ'টি হ'ল প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ 'এই কুঁৱলীৰ আঁৰত'। গীতটিৰ ৰচনা ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আৰু সুৰেৰে সজাইছে অধ্যাপক সুমন্ত বৰঠাকুৰে। সংগীত ব্যৱস্থাপনা প্ৰণৱজ্যোতি বৰাৰ। আজিবুল আলীয়ে ভিডিঅ'গ্ৰাফী আৰু এডিটিং সম্পন্ন কৰিছে। গীতটোৰ কথাৰ সৈতে সংগতি ৰাখি কুঁৱলীৰ দৃশ্য, গাঁৱৰ ধাননি আৰু ধান কটাৰ দৃশ্য, বিৰিয়াত ধানৰ ডাঙৰি কঢ়িয়াই নিয়াৰ সময়ত হোৱা জিৰি জিৰি শব্দৰ দৃশ্য আদি ভিডিঅ'টিত সুন্দৰকৈ প্ৰকাশ পাইছে। উন্মোচক ৰূপম তালুকদাৰে ড° চৌধুৰীৰ পৰিয়ালৰ লগত তেওঁলোকৰ পৰিয়ালৰ বহু বছৰৰ পৰা সু-সম্পৰ্ক থকাৰ কথা উল্লেখ কৰে। ড° চৌধুৰীৰ প্ৰচেষ্টা তেওঁৰ কাৰণে এক অনুপ্ৰেৰণাৰ উৎস বুলি মন্তব্য কৰে। প্ৰাৰ্থনা চৌধুৰীৰ গায়কী অতি উচ্চ খাপৰ বুলি কয়। 

কালিৰ গোটেই অনুষ্ঠানটো সাৱলীলভাৱে আগবঢ়াই নিয়ে বিখ্যাত চুটি ছবি আৰু তথ্যচিত্র নির্মাতা তথা বহুতো সফল নাটকৰ পৰিচালক অনুপজ্যোতি চৌধুৰীয়ে। অনুষ্ঠানত ড° সত্যেন্দ্র কুমাৰ চৌধুৰায়ে 'বেহেলাত ড° ভূপেন হাজৰিকাৰ কণ্ঠ' শ্ৰেণীৰ ভিডিঅ'বোৰৰ সৃষ্টিৰ আঁৰৰ কাহিনীৰ বিষয়ে কয়। তেওঁ উল্লেখ কৰে যে ভূপেনদাৰ অসম আৰু অসমীয়াৰ প্ৰেৰণাৰ উৎস আৰু তেওঁৰ কৰ্মৰাজি, চিন্তাধাৰা, সৃষ্টি আদি আমি নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিব লাগিব। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় পিংকিমণি দেৱীয়ে।

Share This