NCERT-ৰ কিতাপত অপাৰেশ্যন সিন্দূৰৰ বিশেষ পাঠ! শিকোৱা হ’ব সেনাৰ বীৰত্বৰ কাহিনী

Kakali Deka July 27, 2025

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নিৰাপত্তা, দেশপ্ৰেম আৰু সেনা বাহিনীৰ অসীম সাহস সম্পৰ্কে সঠিক তথ্য দেশৰ নতুন প্ৰজন্মক দিয়াটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত এনচিইআৰটিয়ে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। 

এতিয়া সমগ্ৰ দেশৰ বিদ্যালয়সমূহত বিতংভাৱে অপাৰেশ্যন সিন্দূৰৰ পাঠদান কৰা হ’ব। তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে বিশেষ মডিউল প্ৰস্তুত কৰিব বুলি ঘোষণা কৰিছে এন চি ই আৰ টিয়ে।ইয়াত অন্তৰ্ভুক্ত হ’ব অপাৰেশ্যন সিন্দূৰ। এই অভিযান সম্প্রতি ভাৰতীয় সেনাৰ বীৰত্বৰ প্রতীক হৈ পৰিছে৷

ভাৰতত প্ৰথমবাৰৰ বাবে সামৰিক অভিযানক স্কুলীয়া শিক্ষাৰ অংশ হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলে কেৱল কিতাপত সীমাবদ্ধ জ্ঞান আহৰণ কৰাই নহয়, দেশৰ সুৰক্ষাৰ সৈতে জড়িত বাস্তৱিক পৰিঘটনাসমূহো বুজিব লাগে। পাঠ্যক্ৰমত অপাৰেশ্যন সিন্দূৰ সংযোজন কৰিলে ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয়তাবাদৰ ভাব, সেনাৰ প্ৰতি সন্মান আৰু নাগৰিক দায়বদ্ধতা শক্তিশালী হ’ব।

অপাৰেশ্যন সিন্দূৰৰ মডিউলে যুৱক-যুৱতীসকলক সেনা বাহিনীত কেৰিয়াৰ গঢ়িবলৈও অনুপ্ৰাণিত কৰিব। শিক্ষা বিশেষজ্ঞসকলৰ মতে এই পদক্ষেপে নতুন শিক্ষা নীতি (এন ই পি)ৰ উদ্দেশ্যও পূৰণ কৰে, যিয়ে কিতাপৰ দৰে জ্ঞানৰ লগতে বাস্তৱ আৰু ব্যাৱহাৰিক শিক্ষণকো গুৰুত্ব দিয়ে।

ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ দৰে বিষয়ত এই মডিউলটো যোগ কৰাৰ প্ৰস্তুতি চলাইছে এন চি ই আৰ টিয়ে। ইয়াত অপাৰেশ্যন সিন্দূৰৰ পটভূমি, উদ্দেশ্য, কৌশল আৰু ইয়াৰ প্ৰভাৱৰ লগতে জোৱানসকলৰ বীৰত্বপূৰ্ণ কাহিনীও সহজ ভাষাত অন্তৰ্ভুক্ত কৰা হ’ব। এই মডিউলত ভাৰতৰ সামৰিক শক্তি, শেহতীয়া কৃতিত্ব আৰু পাকিস্তানৰ ওপৰত জয়ৰ তথ্য ৮ৰ পৰা ১০ পৃষ্ঠাত দিয়া হ’ব। ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক দেশৰ নিৰাপত্তা শক্তি আৰু সামৰিক অভিযানৰ বিষয়ে সজাগ কৰা। 

এই মডিউলটো ২টা ভাগত বিভক্ত কৰা হ'ব :

১) প্ৰথম মডিউলটো হ’ব তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে।

২) দ্বিতীয়টো মডিউল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা হ’ব।

শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হ’ব :

শিক্ষকসকলক এন চি ই আৰ টিৰ অপাৰেশ্যন সিন্দূৰৰ মডিউল শিকোৱাৰ বাবেও বিশেষ প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰ লগে লগে তেওঁলোকে ছাত্ৰ-ছাত্ৰীক সঠিক তথ্য দি আলোচনা কৰিব পাৰিব। শীঘ্ৰে এন চি ই আৰ টিয়ে শিক্ষকসকলৰ বাবে অনলাইন কৰ্মশালা আৰু গাইডলাইন প্ৰকাশ কৰিব। 

DIKSHAৰ দৰে ডিজিটেল প্লেটফৰ্মত ভিডিঅ’, কুইজ আৰু ইন্টাৰেক্টিভ কন্টেন্ট উপলব্ধ হ’ব। ছাত্ৰ-ছাত্ৰীসকলে প্ৰকল্প আৰু উপস্থাপনৰ জৰিয়তে অপাৰেশ্যন সিন্দূৰৰ কৌশলসমূহ বিশ্লেষণ কৰাৰ সুযোগ পাব, যিয়ে তেওঁলোকৰ সমালোচনাত্মক চিন্তাধাৰা বৃদ্ধি কৰিব।

Share This