ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষা বিভাগত নিযুক্তিৰ বাবে কালি ৰাজ্যৰ ১১খন জিলাত চাৰিটা ভাষাৰ বিশেষ টে'ট পৰীক্ষা অনুষ্ঠিত হয়। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কালি সুকলমে পৰীক্ষা অনুষ্ঠিত হয়।
লক্ষণীয় যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত বড়ো, গাৰো, মণিপুৰী আৰু মাৰ ভাষা মাধ্যমৰ শিক্ষকৰ নিযুক্তিৰ বাবে কালি এই বিশেষ টে'ট পৰীক্ষা অনুষ্ঠিত কৰা হয়। মুঠ ১১,২৯৭গৰাকী প্রার্থীয়ে কালিৰ পৰীক্ষাত অৱতীর্ণ হয়। ৰাজ্যৰ ১১খন জিলাৰ মুঠ ১৫টা কেন্দ্ৰত কালি এই বিশেষ টে'ট পৰীক্ষা অনুষ্ঠিত কৰা হয়।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই পৰীক্ষা তদাৰক কৰিছে। মুখ্য পৰীক্ষা নিয়ন্ত্রক দর্শনা বৰুৱাই প্ৰকাশ কৰে যে কালি অনুষ্ঠিত হোৱা পৰীক্ষাৰ ভাষা চাৰিটাৰ মাজৰ গাৰো, মণিপুৰী আৰু মাৰ ভাষাৰ শিক্ষকৰ বাবে প্ৰথমবাৰৰ বাবে টে'ট পৰীক্ষা অনুষ্ঠিত হয়। তেওঁ বড়ো মাধ্যমত ৬,১৪৭গৰাকী, গাৰো মাধ্যমত ৬৪০ গৰাকী, মণিপুৰী মাধ্যমত ৬৩৯ আৰু মাৰ মাধ্যমত ২২৭গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়।
ইফালে কালি নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক দুয়োটা শাখাৰ বাবে টে'ট পৰীক্ষা অনুষ্ঠিত হয়। নিম্ন প্রাথমিক শাখাত ৫,৪৩২গৰাকী আৰু উচ্চ প্রাথমিক শাখাত ৫,৮৬৫গৰাকী পৰীক্ষাৰ্থী অৱতীর্ণ হয়। আনহাতে কালি পৰীক্ষা অনুষ্ঠিত হোৱা মুঠ ১৫টা পৰীক্ষা কেন্দ্ৰৰ মাজৰে তামুলপুৰ জিলাত সর্বাধিক তিনিটা কেন্দ্র আছিল। গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাত ২টাকৈ কেন্দ্র আছিল। আনহাতে গুৱাহাটীৰ পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত পৰীক্ষা কেন্দ্ৰত মুঠ ৪৭৩গৰাকী প্রার্থী বিশেষ টেট পৰীক্ষাত অৱতীৰ্ণ হয়।