অসম-পশ্চিম বংগৰ যাত্রীলৈ সকাহ, ডিব্রুগড়-মালদাৰ মাজত বিশেষ ৰে'লসেৱা

dainik janambhumi April 07, 2026

ডিজিটেল ডেস্ক: যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তৰফৰ পৰা ডিব্ৰুগড় আৰু মালদা টাউনৰ মাজত এক বিশেষ ৰে'ল সেৱাৰ চলাচলৰ কথা ঘোষণা কৰিছে। এই বিশেষ ৰে'লৰ ব্যৱস্থাই অসম আৰু পশ্চিম বংগৰ মাজত যাতায়াত কৰা যাত্ৰীসকলক যথেষ্ট সকাহ প্রদান কৰিব বুলি আশা কৰা হৈছে। 

নির্ধাৰিত সময়সূচী অনুসৰি, কালি ০৫৯৫১ নম্বৰৰ ডিব্ৰুগড়-মালদা টাউন বিশেষ ৰে'লখন ডিব্ৰুগড়ৰ পৰা মালদা টাউন অভিমুখে ৰাওনা হয়। আনহাতে, উভতনি যাত্রাত ০৫৯৫২ নম্বৰৰ ৰে'লখন ৭ এপ্ৰিলত মালদা টাউনৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰিব। মুঠ ২০টা ডবা সংযোজিত এই বিশেষ ৰে'লখনত শ্লীপাৰ ক্লাছ আৰু জেনেৰেল ছেকেণ্ড ক্লাছৰ ডবাৰ লগতে দুখন লাগেজ-কাম-গার্ড ভান থাকিব। 

যাত্রাপথত ৰে'লখন নিউ তিনিচুকীয়া, নাহৰকটীয়া, শিমলুগুৰি, মৰিয়নি, ফৰকাটিং, ডিমাপুৰ, লামডিং, হোজাই, চাপৰমুখ, গুৱাহাটী, কামাখ্যা, ৰঙিয়া, নলবাৰী, বৰপেটাৰোড, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুৰি আৰু কিষাণগঞ্জ, কাটিহাৰৰ দৰে গুৰুত্বপূৰ্ণ ষ্টেছনত ৰ'ব।

Share This