ক্রীড়াতো পৰিছে যুদ্ধৰ প্ৰভাৱ, আই চি চিৰ বিশ্ব কাপ লীগ-২ৰ ছখন মেচ স্থগিত

dainik janambhumi March 12, 2026

ডিজিটেল ডেস্ক : মধ্য এছিয়াত চলি থকা প্রচণ্ড যুদ্ধই বিশ্বৰ ক্ৰীড়া জগতকো প্ৰভাৱিত কৰিছে। ইৰান আৰু আমেৰিকা-ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ ফলত ভাৰতত অনুষ্ঠিত টি-২০ বিশ্ব কাপত খেলা দলসমূহৰ খেলুৱৈসকল ঘৰলৈ উভতি যোৱাত অসুবিধাৰ সন্মুখীন হয়। আনহাতে, এছিয়া কাপত অংশগ্ৰহণ কৰা ইৰানৰ মহিলা দলৰো সাতগৰাকী খেলুৱৈয়ে অষ্ট্ৰেলিয়াত আশ্রয় গ্রহণ কৰিছে। ইফালে, আই চি চি পুৰুষৰ বিশ্ব কাপ লীগ-২ৰ নেপালত কালিৰে পৰা অনুষ্ঠিত হ'বলগীয়া ছখন মেচ স্থগিত ৰখা হৈছে। আনহাতে, ভাৰতত অনুষ্ঠিত হ'বলগীয়া এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ যুদ্ধৰ কাৰণে স্থগিত ৰখা হৈছে। প্রতিযোগিতাখন ১-১০ এপ্রিলত আহমেদাবাদত অনুষ্ঠিত হোৱাৰ কথা আছিল। ইফালে, মধ্য প্রাচ্যৰ যুদ্ধই ফিফা বিশ্ব কাপতো প্রভাৱ পেলোৱাৰ আশংকা কৰা হৈছিল, কিন্তু ফিফাই এই আশংকা দূৰ কৰে।

যুদ্ধৰ কাৰণে ফিফা বিশ্ব কাপ পিছুৱাব পাৰে বুলি একাংশ সংবাদ তথা সামাজিক মাধ্যমত প্রকাশ পাইছে। এই বাতৰিত প্রতিক্রিয়া প্রকাশ কৰি ফিফাই স্পষ্ট কৰি দিয়ে যে আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাখন পূর্ব নিৰ্ধাৰিত সময়সূচী মতেই অনুষ্ঠিত হ'ব। ডালাছত ফিফা বিশ্ব কাপ ফুটবল প্রতিযোগিতাৰ মুখ্য সঞ্চালন বিষয়া (চি অ' অ') হেইম' শ্বির্গীয়ে কয় যে বিশাল প্রতিযোগিতাখন স্থগিত ৰখা বা পিছুৱাই দিয়াটো এটা অবাস্তৱ কথা। তেওঁ কয় যে ইমান বিশাল এখন প্রতিযোগিতা পিছুৱাই দিয়াটো বা স্থগিত ৰখাটো সহজ কথা নহয়। তেওঁ কয় যে যুদ্ধৰ ফলত বিশ্বত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে ইমান বৃহৎ প্রতিযোগিতাখন স্থগিত ৰখাটো সহজ কথা নহয়। অৱশ্যে তেওঁ লগতে এই কথাও প্রকাশ কৰে যে বিশ্ব ফুটবলৰ নিয়ন্ত্রক সংস্থাটোৱে ইৰান যুদ্ধ আৰু ইয়াৰ ফলাফলত সূক্ষ্মভাৱে দৃষ্টি ৰাখিছে। উল্লেখযোগ্য যে ফিফা বিশ্ব কাপ ১১ জুনৰ পৰা আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ'ব। এইবাৰৰ প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ৪৮টা দলে অংশগ্ৰহণ কৰিব।

হেইম' শ্বিৰ্গীয়ে কয়, 'মই ভৱিষ্যদ্রষ্টা হোৱা হ'লে এতিয়াই ক'ব পাৰিলোঁহেঁতেন কি হ'ব, কিন্তু এই কথা সকলোৱে জানে যে পৰিস্থিতি প্রতিদিনে সলনি হৈছে আৰু আমি ইয়াৰ ওপৰত সতর্ক দৃষ্টি ৰাখিছোঁ। আমি আমাৰ সকলো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগীৰ সৈতে মিলি পৰিস্থিতিৰ পর্যালোচনা কৰি আছোঁ। আমি প্রতিটো দিনৰ হিচাপ লৈ আছোঁ আৰু কোনোবা এটা নহয় এটা পৰ্যায়ত ইয়াৰ সমাধান পোৱা যাব। তেওঁ কয় যে বিশ্ব কাপ এখন বহুত ডাঙৰ প্রতিযোগিতা আৰু ইয়াত যোগ্যতা অর্জন কৰা প্ৰতিটো দলে অংশগ্রহণ কৰিব বুলি তেওঁলোকে আশা প্রকাশ কৰিছে। বিশ্ব কাপ আমেৰিকাৰ ১১, মেক্সিকোৰ ৩ আৰু কানাডাৰ দুটা স্থানত অনুষ্ঠিত হ'ব। আমেৰিকাই আগতেই বিশ্ব কাপৰ বাবে যোগ্যতা অর্জন কৰা চাৰিখন দেশ ক্রমে ইৰান, আইভৰী কোষ্ট, হাইতি আৰু ছেনেগালৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰি থৈছে। কিন্তু খেলুৱৈ আৰু বিষয়ববীয়া তথা তেওঁলোকৰ ঘনিষ্ঠ সকলক নিষেধাজ্ঞাৰ পৰা ৰেহাই দিব বুলি আমেৰিকাই প্রকাশ কৰিছে।

Share This