ডিজিটেল ডেস্ক : আফগানিস্তানৰ বিৰুদ্ধে একমাত্র টেষ্ট আৰু তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দল দুটা ঘোষণা কৰা হৈছে। সেই অনুসৰি তাৰকা উইকেটকীপাৰ ঋষভ পন্টে টেষ্ট দলৰ সহঃ অধিনায়কৰ পদ হেৰুওৱাৰ লগতে এদিনীয়া দলতো স্থান নাাপালে।
পণ্টৰ স্থানত সহঃ অধিনায়কৰ দায়িত্ব লাভ কৰে লোকেশ ৰাহুলে, য'ত নেতৃত্বৰ দায়িত্বত আছে শুভমন গীল। দলত এই প্ৰথমবাৰ চাৰিগৰাকী নতুন ক্রিকেটাৰে একেলগে স্থান লাভ কৰিছে। স্পীন বলাৰ মানৱ ছুথাৰ, পেচাৰ গুৰনূৰ ব্ৰাৰ আৰু হৰ্ষ ডুবেই টেষ্ট দললৈ আমন্ত্রণ লাভ কৰিছে।
আনহাতে, প্রিন্স যাদৱ আৰু গুৰনূৰ ব্ৰাৰে এদিনীয়া দলত নতুন মুখ হিচাপে স্থান পাইছে। প্রত্যাশিতভাৱে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এদিনীয়া দলত স্থান লাভ কৰে। ঘোষিত ভাৰতৰ টেষ্ট দলটো: শুভমন গীল (অধিনায়ক), যশস্বী জয়ছোৱাল, লোকেশ ৰাহুল (সহঃ অধিনায়ক), ছাই সুদর্শন, ঋষভ পন্ট, দেৱদত্ত পাড়িকাল, নীতেশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মহম্মদ ছিৰাজ, প্রসিদ্ধ কৃষ্ণ, মানৱ ছুথাৰ, গুৰনূৰব্ৰাৰ, হৰ্ষ ডুবে আৰু ধ্ৰুৱ জুৰেল।
এদিনীয়া দলটো: শুভমন গীল (অধিনায়ক), শ্রেয়াষ আয়াৰ (সহঃ অধিনায়ক), ৰোহিত শর্মা, বিৰাট কোহলী, লোকেশ ৰাহুল, ঈশান কিষাণ, হার্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, হৰ্ষ ডুবে, কুলদীপ যাদৱ, অর্শদীপ সিং, প্রসিদ্ধ কৃষ্ণ, প্রিন্স যাদৱ আৰু গুৰনূৰ ব্ৰাৰ।