ডিজিটেল ডেস্ক : বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আসন্ন ঘৰুৱা শৃংখলাৰ বাবে ঘোষিত ভাৰতৰ টেষ্ট দলত অন্তর্ভুক্ত হৈছে পেচ বলাৰ যশপ্ৰীত বুমৰাহ। ইফালে, সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱৰা কৰুণ নায়াৰৰ স্থানত দলভুক্ত হৈছে দেৱদত্ত পাৰিকাল। কামৰ বোজাৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ডত ৫খন টেষ্টৰ শৃংখলাত মাথোঁ তিনিখনতহে খেলা বুমৰাহে কেৰিবিয়ান বাহিনীৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাৰ বাবে নিজকে সাজু থকা বুলি প্রকাশ কৰিছিল।
অহা ২ অক্টোবৰত আহমেদাবাদত আৰম্ভ হ'বলগীয়া শৃংখলাত শুভমন আহমেদাবাদত আৰম্ভ হ'বলগীয়ার খলতে কমন অধিনায়কৰ দায়িত্বত থাকিব অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। ঋষভ পণ্টৰ অনুপস্থিতিৰ বাবে সহঃ অধিনায়কৰ দায়িত্ব লাভ কৰে জাদেজাই। ইফালে, দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলা ১৪-২৬ নৱেম্বৰত অনুষ্ঠিত হ'ব। খেল হ'ব কলকাতা আৰু গুৱাহাটীত। টেষ্টৰ পাছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন এদিনীয়া আৰু ৫খন টি-২০ ক্রিকেট অনুষ্ঠিত হ'ব।
উক্ত টেষ্ট শৃংখলাতে উভতিব ঋষভপণ্ট। টেষ্ট শৃংখলাৰ বাবে ঘোষিত ১৫জনীয়া দলটোঃ শুভমন গীল (অধিনায়ক), যশস্বী জয়ছোৱাল, লোকেশ ৰাহুল, ছাই সুদর্শন, দেৱদত্ত পৰিকাল, ধ্ৰুৱ জুবেল (উইকেটকীপাৰ), ৰবীন্দ্র জাদেজা (সহঃ অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, যশপ্রীত বুমৰাহ, অক্ষৰ পেটেল। নীতিশ কুমাৰ ৰেড্ডী, এন জগদীশন (উইকেটকীপাৰ), মহম্মদ ছিৰাজ, প্রসিদ্ধ কৃষ্ণ আৰু কুলদীপ যাদৱ।