সৃজনগ্রাম আদর্শ চিকিৎসালয়ৰ দুৰৱস্থা

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক : স্বাস্থ্য খণ্ডৰ উন্নয়নৰ নামত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও বঙাইগাঁও জিলাৰ সৃজনগ্রাম আদর্শ চিকিৎসালয়ত ৰোগীয়ে ন্যূনতম সুবিধা নোপোৱা বিষয়টোৱে স্বাস্থ্য খণ্ডৰ পুতৌজনক অৱস্থাকে উন্মোচিত কৰাৰ অভিযোগ উঠিছে। প্রাপ্ত অভিযোগ মতে, আদর্শ চিকিৎসালয়খনত কিছুদিনৰ পৰা পানী আৰু পোহৰৰ অভাৱত বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছে ৰোগী আৰু ৰোগীৰ আত্মীয়ই। চিকিৎসালয়খনত পানী যোগান বন্ধ হৈ থকাত এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৰোগীয়ে। বিশুদ্ধ খোৱা পানী দূৰৈৰ কথা শৌচালয়তো পানী যোগান বন্ধ হৈ থকাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। উপায়ান্তৰ হৈ চিকিৎসাধীন ৰোগীয়ে দোকানৰ পৰা পানীৰ বটল ক্ৰয় কৰি নিত্যকর্ম কৰিব লগা হৈছে। অভিযোগ মতে, নিশা পোহৰৰ অভাৱত প্রায়ে সমস্যাৰ সন্মুখীন হয় ৰোগীয়ে। বিদ্যুৎ যোগান ব্যাহত হ'লে চিকিৎসালয়খন হৈ পৰে অন্ধকাৰ। জেনেৰেটৰ আছে যদিও বিভিন্ন অজুহাতত বন্ধ কৰি থকাত বহু সময় এন্ধাৰতে পাৰ কৰে ৰোগীয়ে। ৰোগীৰ আত্মীয়ৰ অনুৰোধতহে কেতিয়াবা জেনেৰেটৰ চলায় বুলি জনা গৈছে। চিকিৎসালয়খনত প্রায়ে ম'বাইল বা কেণ্ডেলৰ পোহৰতে ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ দীর্ঘদিনীয়া অভিযোগ আছে।

অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ ফলশ্রুতিত নির্মাণ হোৱা চিকিৎসালয়খনত ৰোগীয়ে পোহৰ আৰু এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হোৱাৰ পৰিস্থিতিয়ে ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াগৰাকীৰ চৰম দায়িত্বহীনতাৰ স্বৰূপটোকে উদঙাইছে বুলি সচেতন ৰাইজে মন্তব্য কৰিছে। ইয়াৰ উপৰি চিকিৎসালয়খনৰ পৰা ৰাইজে উন্নত চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। চিকিৎসালয়খনত নাই পর্যাপ্ত চিকিৎসক, নাচ, কৰ্মচাৰী। চিকিৎসালয়খনত সংজ্ঞানাশক বিশেষজ্ঞ নথকাৰ বাবে কোনোধৰণৰ গুৰুত্বপূৰ্ণ অস্ত্রোপচাৰ কৰিবলৈ সক্ষম হোৱা নাই।

প্রায় দুই লক্ষাধিক জনসাধাৰণৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়খনত আজিলৈকে প্রসূতি, শিশু, চকু, মেডিচিন বিভাগৰ নিচিনা গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক নিযুক্তি দিয়া নাই। ফলত জ্বৰ, কাহ আদি সাধাৰণ ৰোগৰ চিকিৎসাসেৱাতে সন্তুষ্ট হ'বলগীয়া হৈছে ৰাইজে। ফলস্বৰূপে অঞ্চলটোৰ ৰোগীয়ে দূৰ-দূৰণিৰ চিকিৎসালয়লৈ যাব লগীয়া হোৱাত আর্থিকভাৱে জুৰুলা হৈছে। শীঘ্রে চিকিৎসালয়খনত প্রসূতি, চকু আদি বিভাগৰ চিকিৎসক নিযুক্তি দিবলৈ চৰকাৰৰ ওচৰত অঞ্চলবাসীয়ে দাবী জনাইছে।

Share This