আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন, জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ ভকত-বৈষ্ণৱৰ সোঁত

dainik janambhumi February 06, 2026

ডিজিটেল ডেস্ক: জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰৰ চৌদিশে উৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শুভ্র পতাকা। ভকত-বৈষ্ণৱৰ পদধূলাই দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত কৰিছে জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰী পথাৰ। 

আজিৰ পৰা অনুষ্ঠিত হোৱা উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ আধ্যাত্মিক অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক কেন্দ্ৰীয় তথা বার্ষিক অধিৱেশনক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক চেতনাই প্রাণ পাই উঠিছে। 'জয় গুৰু শংকৰ, সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম' ধ্বনিৰে মুখৰ হৈ পৰিছে জামুগুৰিহাটৰ আকাশ-বতাহ। 

প্রায় ৩০০০ বিঘা ভূমি সামৰি বিস্তৃত হৈ থকা 'জ্যোতি-বিষু সমন্বয় ক্ষেত্র'লৈ সোঁত বৈছে অগণন ভকত-বৈষ্ণৱৰ। এইবাৰৰ অধিৱেশনৰ আটাইতকৈ আকর্ষণীয় তথা ব্যতিক্রমী দিশটো হৈছে ইয়াৰ নিৰ্মাণশৈলী। সম্পূর্ণ চহা জীৱনৰ হাতৰ পৰশত শংকৰী সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ভাওনাৰ উপাদানসমূহক ইয়াত বিশেষ মর্যাদা দিয়া হৈছে। মূল মণ্ডপৰ সন্মুখত থলুৱা বাঁহ, বেত, উলু খেৰ, ছোঁৱা গছ আদি প্রাকৃতিক উপাদানৰে জামুগুৰিহাটৰ শিল্পী পুতু হাজৰিকাৰ নেতৃত্বত নিৰ্মাণ কৰা বিশাল 'মথুৰা পাগ' ভক্ত ৰাইজে এপলক চায় প্রশংসা কৰা দেখা গৈছে। 

মহাপুৰুষীয়া সংস্কৃতিৰ অনৱদ্য সৃষ্টি প্রায় ১৪ ফুট দীঘল আৰু ১২ ফুট বহল এই মথুৰা পাগটোৱেই হ'ব অধিৱেশনৰ মূল মণ্ডপৰ প্ৰৱেশদ্বাৰ। মূল মণ্ডপৰ প্ৰৱেশদ্বাৰৰ দুয়োকাষে মহাপুৰুষীয়া মাৰ্গৰ মূল উপাস্য দেৱতা কৃষ্ণৰ নৰসিংহ, বৰাহ ৰূপ, গজেন্দ্ৰ উপাখ্যান, শংকৰ গুৰুজনাই ষাড়ৰ শিঙত ধৰি কৰা যুঁজৰ প্রতীকী উপস্থাপনেৰে ভক্তপ্ৰাণ ৰাইজক গুৰু আৰু উপাস্য দেৱতাক সোঁৱৰাই দি ভক্তিৰসৰ সৃষ্টি কৰিছে। এই মথুৰা পাগ থকা মূল মণ্ডপলৈ অহাৰ আগতে ৯৫ সংখ্যক অধিৱেশনৰ অন্যতম ১০৬ ফুট দীঘল আৰু ২৮ ফুট ওখ বিশাল মূল তোৰণভাগ এফালে জ্যোতি প্ৰসাদ আগৰৱালা আৰু আনফালে বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিকৃতি আটকধুনীয়াকৈ সজোৱাৰ লগতে তেজপুৰ জিলা শাখাৰ এগৰাকী চিত্রশিল্পী তথা ভাস্কর্য শিল্পী দিব্যজ্যোতি তালুকদাৰৰ পৰিকল্পনাৰে তেজপুৰৰ ঐতিহ্য প্রতিফলিত হৈছে। 

আনহাতে বিশাল ধর্মালোচনী সভা, মুকলি সভা অনুষ্ঠিত হ'বলগীয়া সমগ্র মণ্ডপটো সজাই তুলিবলৈ ব্যৱহাৰ কৰা হৈছে ছোঁৱা গছ, বাঁহ, বেত আৰু খেৰৰ দৰে সম্পূৰ্ণ পৰিৱেশ অনুকূল সামগ্রী। তদুপৰি কন্যকাৰ পৰিয়ালে ইতিমধ্যে দহ হাজাৰ জোপা নাৰ্জী ফুলেৰে সমগ্র ক্ষেত্রখন এখন নন্দনকাননলৈ ৰূপান্তৰিত কৰা হৈছে। 

ইপিনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় বার্ষিক অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমৱেত হ'বলগীয়া ৰাজ্যখনৰ ৫৫খন জিলাৰ ১০ লক্ষাধিক ভকত-বৈষ্ণৱক সেৱা কৰাৰ মানসেৰে সংঘৰ অন্যতম ১০ হাজাৰ সেৱা বাহিনীৰ যুৱক-যুৱতীয়ে জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত কঁকালত টঙালী বান্ধিছে। উদযাপন সমিতিয়ে জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্রত সমৱেত হ'বলগীয়া বিশাল জনসমুদ্রক আপ্যায়ন কৰিবলৈ সম্পূর্ণ সাজু হৈ পৰিছে। তথ্য অনুসৰি একেলগে ১২ হাজাৰ ভকতে আহাৰ গ্ৰহণ কৰিব পৰাকৈ বিশাল ভোজনালয় সাজি উলিওৱাৰ লগতে ৩ হাজাৰগৰাকী ৰান্ধনীয়ে মুঠ ৩০০টা বিশেষ চৌকাত সিদ্ধ ভোজন প্ৰস্তুত কৰিব। তদুপৰি সেৱা বাহিনীৰ ২০ হাজাৰ সদস্যই ভোজনালয়ৰ পৰা আদি কৰি যান-বাহন নিয়ন্ত্রণলৈকে সকলো দিশ চোৱা-চিতা কৰিব। 

আনহাতে জামুগুৰীহাটস্থিত কন্যকা কৃষি পামে এই অধিৱেশনৰ বাবে এক অনন্য নিদর্শন দাঙি ধৰিছে। পামখনৰ প্ৰায় এহাজাৰ বিঘা মাটিত উৎপাদিত ৩৫ হাজাৰ কেজি আলু, কবি, ৰঙালাও, বেঙেনা আৰু লাও যোগান ধৰা হ'ব। কেৱল পাচলিয়েই নহয়, ভোজনালয়ৰ বাবে প্রয়োজনীয় চাউলো কন্যকাৰ পথাৰৰ পৰাই যোগান ধৰা হ'ব।‌ কালি গৰুখুঁটি কৃষি প্ৰকল্পৰ কৃষি সৈনিকসকলে শাক-পাচলি, ৰঙালাও, গুৰ আদি অধিবেশনস্থলীলৈ আনে। ইটাখোলা ভোজপুৰী সমাজ, চমাৰ দলনিৰ মিলিজুলি সংঘই অধিৱেশনস্থলীত চাফাই অভিযান সম্পন্ন কৰে। আনহাতে শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাক অধিৱেশনথলীলৈ মূল তোৰণেৰে মানবশৃংখল আদৰি আনে ২০ হাজাৰ সেৱা বাহিনীৰ সদস্যই। 

উল্লেখযোগ্য যে পাঁচ হাজাৰ বিপণীৰে এক বিশাল প্রদর্শনীৰো আয়োজন কৰা হৈছে, য'ত দর্শনার্থীৰ বাবে প্ৰৱেশ সম্পূর্ণ বিনামূলীয়া হ'ব। আনহাতে অধিৱেশনত বড়ো, মিচিং, গোর্খা আৰু চাহ জনজাতিৰ লোকসকলেও নিজা নিজা জাতীয় সাজ-পাৰ পিন্ধি ভকতসকলক সেৱা আগবঢ়াবলৈ সাজু হৈছে, যিয়ে অসমীয়াৰ বৃহৎ সমন্বয়ৰ ছবিখন প্ৰতিফলিত কৰিব। 

আজি অধিৱেশনৰ প্ৰথম দিনটোত বহুজন লেখকৰ গ্ৰন্থ উন্মোচন হোৱাৰ লগতে সাংবাদিক ফণীন্দ্র বৰুৱাই অসম আন্দোলনৰ পটভূমিত জীয়া কাহিনীৰে লিখা বহু চর্চিত 'লালে টাপুৰ যুদ্ধ' উন্মোচন কৰিব ৰঙাপাৰা কলেজৰ অধ্যক্ষ ৰঞ্জন কলিতাই। নিশালৈ নাটঘৰত নাটঘৰ আৰু পৰিচালনা উপ- সমিতিৰ উদ্যোগত সন্ধীয়া ৬ বজাত জামুগুৰি আঞ্চলিক শাখাই পৰিৱেশন কৰিব 'চোৰ ধৰা' (ঝুমুৰা) নিশা ৮ বজাত বিশ্বনাথ জিলা শাখাই পৰিৱেশন কৰিব 'কালীয় দমন' আৰু নিশা ১০ বজাত তেজপুৰ আঞ্চলিক শাখাই পৰিৱেশন কৰিব 'কেলিগোপাল' নাট।

Share This