ডিজিটেল ডেস্ক: ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম স্থপতি, দলটোৰ আত্মা, প্রবীণ ৰাজনীতিবিদ, প্রাক্তন কেন্দ্রীয় মন্ত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক কবীন্দ্ৰ পুৰকায়স্থৰ বুধবাৰে পুৱা ১১-৩৫ বজাত তেওঁৰ দেহাৱসান ঘটে। দীর্ঘদিনীয়া বার্ধক্যজনিত অসুস্থতাৰ অন্তত শিলচৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ ৯৫ বছৰ হৈছিল। পুৰকায়স্থই পুত্র, পুত্রবধু, নাতিনী আৰু নাতিনী জোঁৱাইৰ লগতে অসংখ্য আত্মীয়ক এৰি যায়। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত লগে লগে বিজেপি দলকে ধৰি বিভিন্ন মহলত শোকৰ ছাঁ পৰে।
উল্লেখযোগ্য যে কবীন্দ্র পুৰকায়স্থ ভাৰতীয় জনতা পার্টিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা উত্তৰ-পূব ভাৰতৰ বিজেপিৰ অন্যতম স্থপতি। ১৯৩১ চনৰ ১৫ ডিচেম্বৰত বাংলাদেশৰ চিলেট জিলাৰ কমাৰখালত তেওঁ জন্মগ্রহণ কৰিছিল তেওঁ। শিলচৰৰ জি চি কলেজৰ পৰা আই এছ চি আৰু বি এ উত্তীর্ণ হোৱাৰ পাছত ১৯৭৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ আৰু ১৯৬৮ চনত বি টি ডিগ্রী লাভ কৰে। ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ শিক্ষক হিচাপে কাম কৰিছিল আৰু এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
পুৰকায়স্থ ১৯৫১ চনৰ পৰা আৰ এছ এছৰ সৈতে জড়িত হৈ থকাৰ পাছত ১৯৮০ চনত বিজেপিত প্রতিষ্ঠাপক সদস্য হিচাপে যোগদান কৰে। অটল বিহাৰী বাজপেয়ী মন্ত্রীসভাত তেওঁ মন্ত্রী আছিল। ১৯৯১ চনৰ পৰা তেওঁ ৩বাৰকৈ শিলচৰৰ সাংসদ নির্বাচিত হৈছিল। পুৰকায়স্থ ১৯৯১, ১৯৯৮ আৰু ২০০৯ চনত তিনিবাৰকৈ শিলচৰ লোক সভা সমষ্টিৰ পৰা সাংসদ হিচাপে নির্বাচিত হৈছিল। ১৯৯৮ চনৰ পৰা অটল বিহাৰী বাজপেয়ী চৰকাৰত যোগাযোগ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ২০০৯ চনত শিলচৰৰ পৰা কংগ্ৰেছৰ হেভিৱেট সন্তোষ মোহন দেব আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলক পৰাস্ত কৰি ১৫সংখ্যক লোক সভালৈ নির্বাচিত হয়। কিন্তু ২০১৪ চনৰ লোক সভাৰ নিৰ্বাচনত তেওঁৰ পক্ষত মোদীৰ ঢৌ থকাৰ পাছতো সন্তোষ মোহন দেবৰ কন্যা সুস্মিতা দেব (আই এন চি)ৰ হাতত পৰাস্ত হৈছিল। ২০২৫ চনৰ জুন মাহত তেওঁৰ পুত্ৰ কনাদ পুৰকায়স্থ অসমৰ পৰা ৰাজ্য সভাৰ সাংসদ হিচাপে নির্বাচিত হয়। কবীন্দ্ৰ পুৰকায়স্থক অসম বিজেপিৰ স্থপতি আৰু জ্যেষ্ঠ অভিভাৱক হিচাপে গণ্য কৰা হয়। দীর্ঘদিনীয়া ৰাজনৈতিক জীৱনৰ স্বীকৃতি স্বৰূপে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত তেওঁক অসম বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্রী প্রদান কৰে।
উল্লেখযোগ্য যে কবীন্দ্ৰ পুৰকায়স্থৰ পিতৃ প্রয়াত কলিপদ পুৰকায়স্থ আৰু মাতৃ প্রয়াত সর্বমংগলা দেৱী। তেওঁ বাংলাদেশৰ কামাৰখালত প্রাথমিক শিক্ষা গ্রহণ কৰিছিল, তাৰ পিছত সুনামগঞ্জলৈ যায়। তাতে ষষ্ঠ শ্রেণীত বৃত্তি লাভ কৰি উধাৰবন্দৰ ডি এন হাইস্কুলত পঢ়িবলৈ যায়। সেই বিদ্যালয়ৰ পৰাই প্রথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁৰ সমগ্ৰ পৰিয়াল কাছাৰলৈ আহি স্বাধীনতাৰ আগতেই থিতাপি লৈছিল। মেট্রিক উত্তীর্ণ হোৱাৰ পিছত ক্রমাগতভাৱে গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, বি টি আৰু স্নাতকোত্তৰ (বাংলা) ডিগ্রী লাভ কৰে। ১৯৫০-৫১ চনলৈকে তেওঁ কাছাৰত শৰণাৰ্থীৰ নিৰাপত্তা আৰু পুনৰ সংস্থাপনৰ কামত ব্যস্ত হয়। ১৯৫০ চনত প্ৰচাৰক বসন্ত লক্ষ্মণ ফাদনীছৰ আমন্ত্রণত তেওঁ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘত যোগদান কৰে। তাৰ পিছত প্ৰচাৰক হিচাপে সংঘৰ বিভিন্ন কর্তব্য পালন কৰে। বৰাক উপত্যকা, ব্রহ্মপুত্র উপত্যকা, ত্ৰিপুৰা, মণিপুৰকে ধৰি উত্তৰ-পূর্বাঞ্চলত সংঘৰ সম্প্ৰসাৰণৰ বাবে তেওঁ কাম কৰিছিল। স্থানীয় নৰসিং এইচ এছ স্কুলত শিক্ষক হিচাপে যোগদান কৰে। তেওঁ ৰামকৃষ্ণ বিদ্যাপীঠ (ৰামকৃষ্ণ নগৰ)ৰ অধ্যক্ষ হয়। সেই সময়ত (৬০-৭০ৰ দশকত) তেওঁ শিক্ষক নেতা হিচাপে আত্মপ্রকাশ কৰিছিল। শিক্ষক সংগঠনৰ বিভিন্ন পদৰ পৰা শিক্ষকৰ বিভিন্ন ন্যায্য দাবী পূৰণৰ বাবে তেওঁ বিখ্যাত আছিল। ইফালে একে সময়তে আৰ এছ এছৰ বাবে কাম কৰিছিল। সেই সময়ত সংঘৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়াসকলৰ সৈতে তেওঁ উত্তৰ-পূৰ্বাঞ্চলত কাম কৰি থাকিল। গুৰুজী গোলবাকৰৰ পৰা আৰম্ভ কৰি তেওঁ বালাচাহেব দেওৰাছ, একনাথ বানাদে, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, বুশবৌ ঠাকৰে, লাল কৃষ্ণ আদৱানি, ৰাজমাতা বিজয়ৰাজে সিন্ধিয়া আদিৰ সৈতে এক ঘনিষ্ঠ সম্পর্ক গঢ়ি তুলিছিল।
১৯৭৭ চনত অধ্যক্ষ হৈ থাকোঁতে সংঘৰ নিৰ্দেশত চাকৰি এৰি সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে। ১৯৭৮ চনত অসমৰ তদানীন্তন জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক হৈ শিলচৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰে। জনতা পার্টি বিচ্ছেদ হৈ ১৯৮০ চনৰ এপ্রিল মাহত ভাৰতীয় জনতা পার্টিৰ জন্ম হয় আৰু ইয়াৰ অন্যতম প্রতিষ্ঠাপক সদস্য আছিল কবীন্দ্ৰ পুৰকায়স্থ। সভাপতি অটল বিহাৰী বাজপেয়ীৰ নিৰ্দেশমৰ্মে কবীন্দ্ৰ পুৰকায়স্থক অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দল গঠন আৰু সম্প্ৰসাৰণৰ বাবে আহ্বায়কৰ দায়িত্ব দিয়া হয়। সেই দায়িত্ব লাভ কৰাৰ পাছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দলৰ সংগঠনৰ সম্প্ৰসাৰণৰ বাবে তেওঁ অক্লান্তভাবে কাম কৰিছিল। ১৯৮৬ চনত পুনৰ শিলচৰ সমষ্টিৰ পৰা অসম বিধানসভাত প্রতিদ্বন্দ্বিতা কৰে যদিও নিজৰ ছাত্ৰ কংগ্ৰেছৰ কৰ্ণেন্দু ভট্টাচাৰ্যৰ হাতত পৰাস্ত হয়। সেই সময়ত তেওঁ সংগঠনটোৰ সম্প্ৰসাৰণৰ কামত সম্পূৰ্ণৰূপে জড়িত আছিল, তথাপি আশীৰ দশকত তেওঁ শিলচৰৰ দেউলীয়া নগৰ সমবায় বেংকৰ অধ্যক্ষ হৈ কম সময়ৰ ভিতৰতে বেংকটো ঘূৰাই অনাত সফল হৈছিল। ১৯৯১ চনৰ লোক সভাৰ নিৰ্বাচনত শিলচৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। তাৰ লগে লগে বিজেপিয়ে বৰাক উপত্যকাৰ ৯খন বিধানসভাৰ আসন লাভ কৰে কবীন্দ্ৰ পুৰকায়স্থৰ নেতৃত্বত। ১৯৯১, ১৯৯৬, ১৯৯৮, ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনত লোক সভা নির্বাচনত অংশ লৈছিল। ১৯৯১, ১৯৯৮ আৰু ২০০৯ চনত তেওঁ জয়ী হৈছিল। ১৯৯৮ চনত কেন্দ্রত বিজেপি ক্ষমতালৈ অহাৰ সময়ত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে বয়োজ্যেষ্ঠ কবীন্দ্ৰ পুৰকায়স্থক মন্ত্রিত্ব দিছিল। তেওঁক ডাক আৰু দূৰসংযোগ মন্ত্ৰ্যালয়ৰ দায়িত্ব দিয়া হৈছিল। সেই সময়ত তেওঁৰ নেতৃত্বত মন্ত্রী হিচাপে কাৰ্যকালৰ মাত্র ১৩ মাহৰ ভিতৰতে দেশৰ বাকী অংশৰ সৈতে উত্তৰ-পূব অঞ্চলৰ দূৰসংযোগ খণ্ডই বিশেষ অগ্রগতি লাভকৰিছিল। বহিঃৰাজ্যত বিভিন্ন চৰকাৰী কাম-কাজত তেওঁ দেশক নেতৃত্ব দিছিল। তেওঁ মন্ত্রী হিচাপে আমেৰিকা, চীন, গ্রেট ব্রিটেইন, কেনিয়া, ছুইজাৰলেণ্ড, বাংলাদেশ, মৰিচাছ, নৰৱে, দক্ষিণ আফ্রিকা, ফ্রান্স আদি বহু দেশত দেশক প্রতিনিধিত্ব কৰিছিল। সাংসদ হিচাপে তিনিটা কার্যকালত তেওঁ বিভিন্ন মন্ত্রালয়ৰ সংসদীয় সমিতিৰ সদস্য আৰু উপদেষ্টা হিচাপে কার্যনির্বাহ কৰিছিল।
২০১১ চনত তেওঁ শৰণাৰ্থীক নাগৰিকত্ব প্রদানৰ বাবে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিছিল আৰু সেই সময়ত তেওঁ দল আৰু বিৰোধী দলৰ নেতাসকলক সাক্ষাৎ কৰি এই বিধেয়কখন কাৰ্যকৰী কৰাৰ চেষ্টা কৰিছিল। ২০১৪ চনত সক্রিয় সংসদীয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও ৰাজনীতি, শিক্ষা আৰু সামাজিক কাম-কাজৰ পৰা বিৰত নাছিল। ইফালে, কবীন্দ্ৰ পূৰকায়স্থৰ পুত্ৰ ৰাজ্যসভাৰ সাংসদ কনাদ পুৰকায়স্থ এটা গুৰুত্বপূৰ্ণ কামত কলকাতাত থকা বুলি জানিব পৰা গৈছে। পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত তেওঁ কলকাতাৰ পৰা গুৱাহাটী হৈ শিলচৰলৈ ৰাওনা হয় ।