এইবাৰ ধান ক্রয়ত অভিলেখ গঢ়িলে ৰাজ্য চৰকাৰে

dainik janambhumi July 02, 2025

ডিজিটেল ডেস্ক : ন্যূনতম সমর্থিত দামত ধান ক্রয় কৰাত ৰাজ্য চৰকাৰে এইবাৰ অভিলেখ গঢ়িলে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মঙলবাৰে সামাজিক মাধ্যমত এই তথ্য সদৰী কৰিছে। ২০২২-২৩ বর্ষত ন্যূনতম সমর্থিত দামত ধান ক্ৰয়ৰ পৰিমাণ আছিল ৫.৯২ লাখ মেঃটন।

২০২৩-২৪ বৰ্ষত এই পৰিমাণ হ্রাস হয় ৩.১৪ লাখ মেঃটনলৈ। এইবছৰ অভিলেখ গঢ়ি এই পৰিমাণ হয়গৈ ৬.৯৭ লাখ মেঃটন। ইফালে মাজুলীয়ে ৰপ্তানিৰ বজাৰত বিশ্বত স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে।

তেওঁ কয় যে মাজুলীৰ ৰঙা বাওধান ২৬৭ মেঃটন মধ্য এছিয়া, ইউৰোপ মহাদেশলৈ ৰপ্তানি হৈছে। কীটনাশক, ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ মাজুলীৰ কেইবাহাজাৰ বিঘা মাটিত বাওধান কৰা হয়।

Share This