ডিজিটেল ডেস্কঃ পহলগাম আক্ৰমণৰ পাছত পাকিস্তানী নাগৰিকক প্ৰদান কৰা ভিছা বাতিল কৰিলে ভাৰতে। চি চি এছৰ বৈঠকত ভাৰতে সিদ্ধান্ত লৈছিল যে পাকিস্তানী নাগৰিকক প্ৰদান কৰা হ্ৰস্বম্যাদী ভিছা ২৭ এপ্ৰিলৰ পাছত বাতিল কৰা বুলি গণ্য কৰা হ’ব। ২৯ এপ্ৰিলৰ পাছত মেডিকেল ভিছাও বাতিল বুলি গণ্য কৰা হ’ব। এতিয়া এজন এজনকৈ পাকিস্তানী ঘূৰিছে গৃহভূমিলৈ। ৰাজ্য চৰকাৰসমূহে ৰাজ্যই ৰাজ্যই উপস্থিত থকা পাকিস্তানীক বিচাৰি চালথ কৰিছে।
ভিছা লৈ বিহাৰত আছিল ১৯ গৰাকী পাকিস্তানী ৷ বিহাৰ চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অৰবিন্দ কুমাৰ চৌধাৰীয়ে এই সন্দৰ্ভত তথ্য প্ৰদান কৰে। সকলো পাকিস্তানী নাগৰিককক উভতাই পঠিওৱাৰ ব্যৱস্থা কৰিছে বিহাৰ প্ৰশাসনে।
সৰ্বাধিক পাকিস্তানী নাগৰিকৰ সংখ্যা মহাৰাষ্ট্ৰত ৷ ফাড়নবিছ চৰকাৰৰ মন্ত্ৰী যোগেশ কদমে কয় যে ৰাজ্যখনত প্ৰায় ১০০০ পাকিস্তানী নাগৰিকে হ্ৰস্বম্যাদী আৰু ৪ হাজাৰ পাকিস্তানী দীৰ্ঘম্যাদী ভিছাত মহাৰাষ্ট্ৰত বাস কৰিছে। ২৭ এপ্ৰিলৰ ভিতৰত আটাইকে দেশ এৰি যাবলৈ কোৱা হৈছে।
যোৱা তিনিদিনত ৱাগাহ সীমান্তৰে পাকিস্তানৰ পৰা ভাৰতলৈ উভতিল ৪৫০ জনতকৈ অধিক ভাৰতীয় ৷ ২০০ গৰাকী পাকিস্তানী নাগৰিক ভাৰতৰ পৰা হ'ল ঘৰমুৱা ৷
উৎস: প্ৰাগ নিউজ ডিজিটেল