ৰাজ্যবাসীক দুদিন সতৰ্ক হৈ থাকিবলৈ আহ্বান

dainik janambhumi September 17, 2025

ডিজিটেল ডেস্ক : প্রতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক বিশেষ প্রয়োজন নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ অনুৰোধ জনাইছে ৰাজ্য চৰকাৰখনে।

 

মঙলবাৰে এটা বিবৃতিযোগে ৰাজ্য চৰকাৰখনে প্রকাশ কৰা মতে গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত অহা ২-৩ দিন ধৰি অধিক বৰষুণৰ সম্ভাৱনা আছে। সম্প্রতি সম্ভাব্য ভূমিস্খলনকে ধৰি আনুষংগিক বিষয়সমূহ প্রশাসনে সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিছে বুলি উল্লেখ কৰি লগতে কোৱা হৈছে যে বৰষুণৰ ফলত সৃষ্টি হ'ব পৰা কৃত্রিম বানপানীৰ বাবে প্রশাসন উদ্বিগ্ন হৈ পৰিছে। আনহাতে তীব্ৰ বৰষুণৰ সময়ত অনাৱশ্যক যাত্ৰা এৰাই চলিবলৈ অনুৰোধ জনাই বিবৃতিটোত লগতে তুলনামূলকভাৱে দ আৰু পাহাৰীয়া এলেকাৰ বাসিন্দাসকলক অধিক সতর্ক হৈ থকাৰ আহ্বান জনাইছে। যিকোনা বিপদৰ ক্ষেত্ৰত ৰাজ্যিক দুর্যোগ প্ৰাধিকৰণক ০৩৬১-১০৭০, ০৩৬১-১০৭৯, ০৩৬১-১১২ নম্বৰত আৰু জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষক ০৩৬১-১০৭৭ নম্বৰত যোগাযোগ কৰিবলৈকো অনুৰোধ জনাইছে ৰাজ্য চৰকাৰখনে।

 

উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত কৃত্রিম বানপানীৰ সৃষ্টি হোৱাৰ লগতে সোমবাৰে ভূমিস্খলনত এজন লোকৰ মৃত্যু হৈছে। আনহাতে ৰাজ্যৰ কেইবাখনো জিলা সম্প্রতি বানৰ কবলত পৰিছে।

Share This