ডিজিটেল ডেস্ক : দেশৰ হিমালয়ান অঞ্চলত থকা ৰাজ্যসমূহ গভীৰ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে। উচ্চতম ন্যায়ালয়ে মঙলবাৰে এই মন্তব্য কৰে। শীর্ষতম আদালতখনে সমগ্র হিমালয়ান অঞ্চলটোত থকা ৰাজ্যসমূহত বাৰিষাই তাণ্ডৱলীলা চলোৱাৰ পাছত অঞ্চলটোৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ দিশত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
হিমাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰত লোৱা নীতি, নতুন নির্মাণকাৰ্য আৰু খনন কাৰ্য আদিৰ বিষয়তো উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে ৰাজ্যখনৰ পাহাৰীয়া স্বাস্থ্যকৰ ঠাইসমূহত ডাৱৰ বিস্ফোৰণ, আকস্মিক বান আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ লৈছিল। হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ বিভিন্ন চহৰত প্ৰাকৃতিক দুর্যোগে জনজীৱন ব্যাহত কৰি তুলিছিল আৰু পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল স্থানীয় লোকসকলৰ উপাৰ্জন বন্ধ কৰি দিছিল।
উচ্চতম ন্যায়ালয়ে কয় যে বাৰিষাৰ বতৰত প্ৰবল অভূতপূৰ্ব বৰষুণে হিমাচল প্ৰদেশৰ দুৰ্বল পৰিৱেশতন্ত্ৰলৈ আতংক কঢ়িয়াই আনিছে। ৰাজ্যখনত জীৱন আৰু সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছে। শীর্ষতম আদালতে কয় যে বানৰ সময়ছোৱাত স্থায়ী আন্তঃগাঁথনি আৰু অস্থায়ী ভৱনসহ বহুতো ঘৰ-দুৱাৰ ভয়ংকৰ ভূমিস্খলনত পোত গৈছিল অথবা পানীৰ ধলে উটুৱাই লৈ গৈছিল। ইয়ে প্রমাণ কৰে যে হিমালয়ান অঞ্চলৰ ৰাজ্যসমূহ গভীৰ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে।