জামুগুৰিত বীৰ শ্বহীদ মনবৰ নাথৰ প্রতিমূর্তি উন্মোচন

dainik janambhumi August 24, 2025

ডিজিটেল ডেস্ক : বিয়াল্লিছৰ বীৰ শ্বহীদ মনবৰ নাথৰ স্মৃতি ৰক্ষাৰ্থে তেওঁৰ জন্মস্থান নগাঁও জিলাৰ জামুগুৰিত এটা প্রতিমূর্তি স্থাপনৰ বাবে সদৌ নাথ- যোগী ছাত্র সন্থাই জনাই অহা দাবী শনিবাৰে পূৰণ হ'ল। শনিবাৰে বিয়লি ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ মনবৰ নাথৰ প্ৰতিমূর্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা আবণ্টিত ১৫ লাখ টকাৰে সদৌ নাথ-যোগী ছাত্ৰ সন্থাৰ তত্ত্বাৱধানত নিৰ্মিত বীৰ শ্বহীদজনৰ প্ৰতিমূর্তি উন্মোচন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, 'স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ ভিতৰত শ্বহীদ মনবৰ নাথ অন্যতম। ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা শ্বহীদ মনবৰ নাথকে ধৰি বহুজনে ত্ৰিৰংগা পতাকা উত্তোলন কৰোঁতে, মনবৰ নাথক গুলীয়াই হত্যা কৰিছিল। অসমৰ নৱপ্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ প্ৰেৰণা আৰু সাহসৰ প্রতীক।' আজি শ্বহীদ মনবৰ নাথৰ প্ৰতিমূর্তি উন্মোচন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই ভাষণত কয় যে সদৌ নাথ-যোগী ছাত্র সন্থাই মোক ১৭ দফীয়া দাবী সন্নিৱিষ্ট এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে। তেওঁলোকক অতি সোনকালে চৰকাৰী বিষয়াসকলৰ সৈতে আলোচনাৰ বাবে নিমন্ত্রণ জনাম। 

উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই ইয়াৰ পূৰ্বে মধ্য অসমৰ প্রাণবিন্দু ৰূপে পৰিচিত নগাঁও জিলাৰ সাংস্কৃতিক পৰিচয়ক অধিক দৃঢ় আৰু আকর্ষণীয় ৰূপত প্রতিষ্ঠা কৰাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ অনুমোদিত আছুতীয়া পুঁজিৰ দ্বাৰা বেবেজীয়া চাৰিআলি হৈ নগাঁও চহৰলৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌস্থিত 'আমাৰ নগাঁও, আমাৰ গৌৰৱ' সম্বলিত নগাঁও চহৰলৈ আদৰণী তোৰণখন উদ্বোধন কৰে। বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূর্তি আৰু নগাঁও চহৰলৈ আদৰণী তোৰণখন নিৰ্মাণৰ ভাস্কৰ্য শিল্পী লক্ষ্যজিৎ বৰাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিকী প্রতিমূৰ্তি প্ৰদান কৰে। বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূর্তি উন্মোচনৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নগাঁৱৰ জামুগুৰিস্থিত 'সাৰ্বজনীন গৰখীয়া থান'ত সেৱা আগবঢ়ায়। মুখ্যমন্ত্রী ড° শর্মাই থানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০ লাখ টকা সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই সমগ্র কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সংগদান কৰে তথ্য আৰু জনসংযোগ মন্ত্রী পীযূষ হাজৰিকা, বিধায়ক ৰূপক শর্মা, শশীকান্ত দাস, ৰমাকান্ত দেউৰী, সদৌ অসম নাথ- যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ, সম্পাদক দীপক নাথ উপস্থিত থাকে। 

অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৩০ দিন জে'লত থাকিলে যিকোনো মন্ত্ৰীৰে মন্ত্ৰী পদ খাৰিজ হোৱাৰ বিষয়ত সংসদত উত্থাপন হোৱা নতুন বিধেয়কৰ প্ৰসংগত কয় যে প্রধানমন্ত্রীক আমি অসমৰ জনসাধাৰণৰ হৈ সমর্থন আগবঢ়াইছোঁ। এই বিধেয়কখন ৰাজনৈতিক অপৰাধ-মুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্রহণ কৰা এক ইতিবাচক প্রচেষ্টা। আনহাতে জি এম চিত নৱজাতকৰ মৃত্যু হোৱা বিষয়ৰ সম্পৰ্কত আজি প্রতিবেদন দাখিল কৰিব বুলি সদৰী কৰে। সমগ্ৰ অসমতে চলি থকা উচ্ছেদৰ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ড° শর্মাই কয় যে নগাঁও জিলাতো উচ্ছেদ আৰম্ভ হ'ব। এইক্ষেত্রত আমি সাবধানে আগবাঢ়িছোঁ। আকাংক্ষিত লক্ষ্যত উপনীত নোহোৱালৈকে ক্ষান্ত নহওঁ।

Share This