'অপাৰেশ্যন সেন্দূৰ'ৰ পাছত পদক্ষেপ, ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা বাজেট

dainik janambhumi February 02, 2026

ডিজিটেল ডেস্ক: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সংসদত দাখিল কৰা অহা বিত্তীয় বৰ্ষৰ বাজেটত প্রতিৰক্ষাখণ্ডক বিশেষ গুৰুত্ব দিয়া হয়। বিত্ত মন্ত্ৰীয়ে কালি ভাৰতীয় ইতিহাসৰ সৰ্ববৃহৎ প্রতিৰক্ষা বাজেট সংসদত উত্থাপন কৰে। 

অপাৰেশ্যন সেন্দূৰ চলি থকাৰ সময়তে বিত্ত মন্ত্রীয়ে বাজেটত প্ৰতিৰক্ষা খণ্ডৰ বাবে ৭.৮ লাখ কোটি টকা আবণ্টন দিয়াৰ প্রস্তাৱ কৰে। যোৱা বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা বাজেট আছিল ৬.৮ লাখ কোটি টকা। সেই হিচাপত এইবাৰৰ প্ৰতিৰক্ষা বাজেট ১৫% বৃদ্ধি কৰা হয়। ইফালে মূলধনী বাজেটৰ অধীনত প্ৰতিৰক্ষা বাহিনীসমূহৰ আধুনিকীকৰণৰ বাবে ২.১৯ লাখ কোটি টকা আবণ্টন দিয়াৰ প্রস্তাৱ বাজেটত কৰা হৈছে। যোৱা বছৰ এই শিতানত আবণ্টন দিয়া ধনৰ পৰিমাণ আছিল ১.৮০ লাখ কোটি টকা। 

ইফালে প্ৰতিৰক্ষা সেৱাৰ বাবে এইবছৰ বাজেটত ১.৮৬ লাখ কোটি টকা আবণ্টন দিয়াৰ প্রস্তাৱ কৰা হৈছে। যোৱা বছৰ এই শিতানত আবণ্টন দিয়া ধনৰ পৰিমাণ আছিল ১.৮০ লাখ কোটি টকা। প্রতিক্ষা সেৱাসমূহৰ (ৰাজহ) এইবাৰৰ বাজেটত ৩,৬৫,৪৭৮.৯৮ কোটি টকা আবণ্টন দিয়া হৈছে। যোৱা বছৰৰ তুলনাত এই শিতানত ১৭.২৪% বৃদ্ধি কৰা হৈছে। প্ৰতিৰক্ষা খণ্ডত পেঞ্চনৰ শিতানতো আবণ্টন দিয়া ধনৰ পৰিমাণ বৃদ্ধি কৰি ১,৭১,৩৩৮.২২ কোটি টকা কৰে। 

ইফালে চৰকাৰে এই খণ্ডত ব্যৱহাৰ কৰা কেঁচা মালত মূল সীমা শুল্ক হ্রাস কৰাৰ কথা ঘোষণা কৰে। বিত্ত মন্ত্ৰীয়ে বাজেট ভাষণত কয়, 'প্রতিৰক্ষা খণ্ডৰ গোটসমূহ চোৱাচিতা, মেৰামতি কৰা তথা সমগ্র প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিমাৰ সা-সঁজুলি তথা অংশপাতি নিৰ্মাণৰ বাবে বিদেশৰ পৰা আমদানি কৰা কেঁচা মালত মূল সীমা শুল্ক ৰেহাই দিয়াৰ প্ৰস্তাৱ কৰা হৈছে। বিত্ত মন্ত্ৰীয়ে বাজেটত কৰা ঘোষণাই প্ৰতিৰক্ষা বিমানসমূহৰ চোৱাচিতা তথা মেৰামতিত হোৱা ব্যয় হ্রাস কৰিব। ইয়াৰ লগতে এৰ'স্পেচ ক্ষমতাত অধিক আত্মনিৰ্ভৰ কৰাত সহায় কৰিব। বাজেটত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ (আত্মনিৰ্ভৰ ভাৰত), স্বদেশী অস্ত্ৰৰ ব্যৱহাৰ তথা ৰপ্তানি বৃদ্ধি কৰাত অধিক গুৰুত্ব আৰোপ কৰে। 

উল্লেখযোগ্য যে বিশ্বত যুদ্ধ আৰু উত্তেজনা বৃদ্ধি পোৱাৰ লগতে ভাৰত আৰু পাকিস্তান তথা ভাৰত আৰু চীনৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত দেশৰ প্ৰতিৰক্ষা বাজেট অধিক বৃদ্ধি কৰাৰ প্ৰয়োজন হৈছিল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিত্ত মন্ত্ৰীয়ে প্ৰতিৰক্ষা বাজেট প্রায় ১৫% বৃদ্ধি কৰে। 

উল্লেখযোগ্য যে প্রতিৰক্ষা বাহিনীৰ আধুনিকীকৰণৰ বাবে ধাৰ্য কৰা ২.১৯ লাখ কোটি টকাৰে ভাৰতীয় সেনাৰ বাবে ৰাফেল যুঁজাৰু বিমান, অত্যাধুনিক ছাবমেৰিন, ড্র'ন তথা মানৱবিহীন লঘু বিমান ক্রয় আৰু নির্মাণত অধিক গুৰুত্ব আৰোপ কৰা হ'ব। 

ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বাজেট জমসাধাৰণৰ আশানুৰূপ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়, বিত্ত মন্ত্ৰীয়ে প্ৰতিৰক্ষা বাজেটৰ বাবে ৭.৮৫ লাখ কোটি টকা আবণ্টন দিয়ে... অপাৰেশ্যন সেন্দূৰৰ ঐতিহাসিক সফলতাৰ পাছত এই বাজেটে প্রতিৰক্ষা প্রণালীক অধিক শক্তিশালী কৰাৰ আমাৰ সিদ্ধান্তক অধিক শক্তিশালী কৰিব। এইবছৰ মুঠ মূলধনী ব্যয়ৰ বাবে ২.১৯ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। এই বাজেটে ঘাইকৈ আমাৰ তিনিওটা বাহিনীৰ আধুনিকীকৰণত গুৰুত্ব আৰোপ কৰিছে আৰু সকলো মিলাই এইবাৰৰ বাজেট প্ৰতিৰক্ষা, নিৰাপত্তা, বিকাশ আৰু আত্মনিৰ্ভৰতাৰ মাজত ভাৰসাম্য ৰাক্ষা কৰিছে।

Share This