ভতুৱা কুকুৰক বন্ধ্যাকৰণ, ভেকচিন দি পুনৰ একে ঠাইতে এৰিবলৈ নিৰ্দেশ

dainik janambhumi August 23, 2025

ডিজিটেল ডেস্ক : দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এন চি আৰ) পৰা ভতুৱা কুকুৰক লৈ ল'বলগীয়া ব্যৱস্থাপনা সন্দৰ্ভত যোৱা ১১ আগষ্টত দিয়া ইয়াৰ ৰায় শুকুৰবাৰে সামান্য সলনি কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কয় যে দিল্লী এন চি আৰৰ পৰা সকলো ভতুৱা কুকুৰক আঁতৰাই সেইসমূহক আশ্রয় গৃহত পুনৰবাসন কৰাবলৈ দিয়া ইয়াৰ আদেশ 'অতি কঠোৰ' আছিল। 

শীর্ষতম আদালতখনে ইয়াৰ পূৰ্বৰ ৰায়ত সামান্য পৰিৱৰ্তন ঘটাই কয় যে ভতুৱা কুকুৰবোৰক বন্ধ্যাকৰণ কৰি আৰু প্রতিষেধক ছিটা দি পুনৰ একেটা অঞ্চলতে এৰি দিব লাগে। অৱশ্যে, যিবোৰ ভতুৱা কুকুৰে ৰেবিছ (জলাতংক) ৰোগত ভুগি আছে অথবা আক্রমণাত্মক আচৰণ কৰি আছে সেইবোৰক আশ্ৰয় গৃহতে ৰখাৰ আদেশ দিছে শীর্ষতম আদালতখনে। 

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্রম নাথ, সন্দীপ মেহতা আৰু এন ভি আঞ্জাৰিয়াৰে গঠিত তিনিজনীয়া বিচাৰপীঠে কয় যে চিকিৎসা কৰা আৰু ভেকচিন দিয়া কুকুৰবোৰক মুকলি ৰখাৰ ক্ষেত্ৰত নিষেধাজ্ঞা দিয়াটো অতি 'কঠোৰ ৰায়' আছিল আৰু কয় যে পৌৰ নিকায়সমূহৰ সৈতে উপলব্ধৱৰ্তিত আন্তঃগাঁথনি আৰু মানৱীয় সাহায্যৰে সমগ্ৰ ভতুৱা কুকুৰবোৰক প্ৰতিপালন কৰাটো আৱশ্যক।

Share This