কভিডৰ পাছত মৃত সন্তান প্ৰসৱ ৪৪% বৃদ্ধি

dainik janambhumi January 29, 2026

ডিজিটেল ডেস্ক : কভিড-১৯ মহামাৰীৰ পাছত দেশত মৃত সন্তান প্রসৱৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে। ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত দেশত জন্মৰ হাৰ বিশ্লেষণ কৰি চলোৱা এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অধ্যয়নত এই তথ্য প্রকাশ পাইছে। কভিডৰ পাছত দেশৰ হস্পিটেলসমূহত সন্তান প্রসৱৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতো, ভাৰতত মহামাৰীৰ পাছৰ সময়ছোৱাত জন্মৰ ঠিক পূর্বে সন্তানৰ মাতৃগৰ্ভত মৃত্যু হোৱাৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এই অধ্যয়নত পোৱা তথ্য অনুসৰি, গৰ্ভাৱস্থাত কৰিব লগা যতন আৰু প্ৰসৱোত্তৰ ক্ষতিৰ বিষয়ে অমনোযোগিতাৰ বাবেই এনেধৰণৰ ঘটনা বৃদ্ধি হৈছে। কভিড-১৯ মহামাৰীৰ পাছত আৰু সেই সময়ছোৱাত ব্যাহত হৈ পৰা প্রসূতিৰ যতন ব্যৱস্থা, পলমকৈ হস্পিটেললৈ প্রেৰণ, প্ৰসৱ ব্যৱস্থাত খুঁত আদিয়ে মৃত সন্তান প্রসৱৰ ঘটনাত ইন্ধন যোগাইছে।

কভিডৰ সময়ত আৰু কভিডৰ পাছৰ সময়ছোৱাত মৃত সন্তান প্ৰসৱৰ হাৰ ৪৪ শতাংশ বৃদ্ধি পাইছিল বুলি অধ্যয়নটোত কোৱা হৈছে। উল্লেখযোগ্য যে ইণ্ডিয়ান কাউন্সিল অব্ মেডিকেল ৰিছার্চ (আই চি এম আৰ)ৰ সমর্থনত পাব্লিক হেল্থ ফাউণ্ডেশ্যন অব্ ইণ্ডিয়াই চলোৱা অধ্যয়নটো 'বি এম চি প্রেগনেন্সি আৰু চাইল্ড বার্থ'ত প্রকাশিত হৈছে। অসম, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কেৰালা, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু আৰু উত্তৰ প্রদেশকে ধৰি দেশৰ ৯খন ৰাজ্যৰ ১০ লাখ লোকক সামৰি চলোৱা সমীক্ষাটোত এই নৱজাতকৰ মৃত্যুৰ হাৰ প্ৰকাশ পাইছে।

পৰিসংখ্যাত দেখুওৱা হৈছে কভিডৰ পূৰ্বে ভাৰতত প্রতি ১০০০টা জন্মৰ ঘটনাত ১২.৭শতাংশ মৃত সন্তান প্রসৱ হৈছিল। মহামাৰীৰ সময়ত এই হাৰ ১৪.৪ শতাংশলৈ বৃদ্ধি পায়। কিন্তু কভিডৰ পাছৰ সময়ছোৱাত প্রতি ১০০০টা জন্মৰ ঘটনাত মৃত সন্তান প্ৰসৱৰ হাৰ ১৮.৩ শতাংশলৈ বৃদ্ধি পায়। দেশৰ গ্রামীণ অঞ্চলত এই মৃত সন্তান প্ৰসৱৰ হাৰ ২০ শতাংশলৈ বৃদ্ধি পায়। আনহাতে, চহৰীয়া অঞ্চলত এনেধৰণৰ ঘটনা ১৪ শতাংশ বৃদ্ধি পায়। এই মৃত্যুৰ হাৰে এইটো প্রতিপন্ন কৰিছে যে দেশত কভিড মহামাৰীৰ পাছত গৰ্ভাৱস্থাত সময়োচিত যতন ব্যৱস্থাৰ অভাৱ হোৱাৰ লগতে জৰুৰী প্ৰসূতিৰ চিকিৎসা সেৱাতো প্রভাৱ পৰিছে।

Share This