ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰত বৃহস্পতিবাৰে একেৰাহে চতুর্থ দিনৰ বাবে বিনিয়োগকাৰীৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা যায়। কালি ব'ম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্স আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটিৰ উত্থানে বিনিয়োগকাৰীসকলৰ মাজতো হাঁহি বিৰিঙায়। ছেনছেক্স ১৫০৯ পইন্ট ঊর্ধ্বগামী হৈ দিনটোৰ লেনদেন সামৰাৰ পৰত ৭৮,৫৫৩.২০ পইণ্ট হয়গৈ। আনহাতে নিফটি ৪১৪.৪৫ পইন্ট ঊর্ধ্বগামী হৈ ২৩,৮৫১.৬৫ পইণ্ট হয়গৈ। ইয়াৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ৪.৪৯ লাখ কোটি টকা লাভ হয়।
উল্লেখযোগ্য যে বুধবাৰে শ্বেয়াৰ বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্সৰ তালিকাভুক্ত কোম্পানী কেইটাৰ বজাৰ মূলধন আছিল ৪১৫ লাখ কোটি টকা। কালি বজাৰ মূলধন ৪১৯ লাখ কোটি টকা হয়গৈ। উল্লেখযোগ্য যে শ্বেয়াৰ বজাৰত সূচকাংকৰ উত্থান হোৱাত বিদেশী বিনিয়োগকাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বুধবাৰে বিদেশী বিনিয়োকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা ৩,৯৩৬ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰে।
কেৱল দুদিনত বিদেশী বিনিয়োগকাৰীয়ে ক্রয় কৰে প্ৰায় ১০ হাজাৰ কোটি টকাৰ শ্বেয়াৰ। ইয়াৰ লগতে টকাৰ মূল্য ক্ৰমাৎ বৃদ্ধি পোৱা আৰু খাৰুৱা তেলৰ দামেও ইয়াত প্ৰভাৱ পেলায়। কালি ব্ৰেণ্ট খাৰুৱা তেলৰ প্ৰতি বেৰলৰ দাম প্রায় ৬৬.৪০ ডলাৰ হয়গৈ।