শিক্ষার্থীয়ে বিদ্যালয়ত নিয়মীয়াকৈ পঢ়িব লাগিব বাতৰিকাকত, ছপা মাধ্যম সন্দৰ্ভত উঃ প্রদেশ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

dainik janambhumi December 27, 2025

ডিজিটেল ডেস্ক : সমগ্র বিশ্বতে ছপা মাধ্যম সংকটৰ সন্মুখীন হোৱা বুলি চর্চা হোৱাৰ সময়তে উত্তৰ প্ৰদেশৰ এটা বাতৰিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে। যুৱ প্ৰজন্মৰ মন-মগজুত ডিজিটেল মাধ্যমে প্রভাৱ বিস্তাৰ কৰাৰ সময়তে উত্তৰ প্ৰদেশ চৰকাৰে বিদ্যালয়সমূহত ছাত্র-ছাত্ৰীয়ে নিয়মীয়াকৈ বাতৰি কাকত পঢ়াটো বাধ্যতামূলক কৰিছে। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয় পর্যন্ত চৰকাৰে বাধ্যতামূলক কৰা এই ব্যৱস্থাৰ লক্ষ্য হৈছে শিক্ষাৰ্থীৰ মাজত পঢ়াৰ অভ্যাস গঢ় দিয়া, বেছিকৈ ম'বাইল ফ'ন চোৱাৰ বদ অভ্যাস হ্রাস কৰা, চিন্তা শক্তি বৃদ্ধি কৰা। 

ৰাজ্যখনৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব পার্থ সাৰথি সেন শৰ্মাই জাৰি কৰা নিৰ্দেশনাত বিদ্যালয়সমূহত হিন্দী আৰু ইংৰাজী বাতৰি কাকত পঢ়াটো বিদ্যালয়ৰ দৈনিক পঠন কাৰ্যসূচীৰ অবিচ্ছেদ্য অংগ কৰি তোলাৰ নিৰ্দেশ দিয়া হৈছে। প্রতিখন বিদ্যালয়তে পুৱা প্রার্থনাৰ সময়ত শিক্ষার্থীক 'বাতৰি পঠন'ৰ বাবে ১০ মিনিট সময় দিয়া হ'ব। 

ছাত্র-ছাত্রীসকলে ঘূর্ণীয়মান পদ্ধতিত দৈনিক এজনে কাকতৰ সম্পাদকীয় পৃষ্ঠাৰ প্ৰবন্ধসমূহৰ মূল বিষয়সমূহৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আৰু ক্রীড়া জগতৰ প্ৰধান ইতিবাচক বাতৰিসমূহো পঢ়ি শুনাব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত মনোযোগ বৃদ্ধি পোৱাৰ লগতে ম'বাইল চোৱাৰ অভ্যাস হ্রাস পাব। কেৱল উত্তৰ প্রদেশেই নহয়, সমগ্ৰ ভাৰততে এনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে।

Share This