দুগ্ধপামৰ অৰ্হতা পূৰণ নকৰা সত্ত্বেও দিয়া হৈছিল ৰাজসাহায্য

dainik janambhumi July 01, 2025

ডিজিটেল ডেস্কঃ সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক পাঞ্চালী কাকতি আৰু বিষয়া নৱামী ডেকা দীঘলীয়া ছুটীত যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই প্রক্রিয়াত কেইবাগৰাকীও যোগ্য প্রার্থীক বঞ্চিত কৰি শাসকীয় দলৰ মন্ত্রী-বিধায়কৰ নেতা-পালিনেতাই সম্পূর্ণ অনৈতিকভাবে নিজৰ নাম সন্নিবিষ্ট কৰিছে।

 সোমবাৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে। দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, চিন্ময় বড়া আৰু সম্পাদক দেবাংগ সৌৰভ গগৈয়ে ৰাজসাহায্যৰ নামত কৰা অনিয়মৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰাৰ দাবীও কৰে। তেওঁলোকে কয় যে অসম দুগ্ধ উন্নয়ন বিভাগে যোৱা ৩১ মে'ত ৰাজসাহায্যৰ ১৫ জনীয়া তালিকাত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলী ডেকা বৰুৱা, প্রাক্তন মন্ত্রী তথা বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচার্য আৰু কেইবাজনো বিজেপি নেতাৰ নাম ৰাজহুৱা হোৱাৰ পিছত সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাত কেইবাটাও সংবাদ গোষ্ঠীৰ মালিক তথা সাংবাদিক মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। মন্ত্রীজনে অশালীনভাবে ব্যক্তিগত আক্রমণ কৰা বিষয়ত দলটোরে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এনেধৰণৰ আক্রোশমূলক আৰু প্রতিশোধপৰায়ণ ৰাজনীতিৰ পৰম্পৰাক বিজেপি শাসিত চৰকাৰখনে উৎসাহিত কৰাত তীব্ৰ গৰিহণা দিয়ে। 


ইফালে গৰুখুঁটি প্রকল্পৰ বাবে গুজৰাটৰ পৰা আমদানি কৰা ৩০০ গিৰ গাই মন্ত্রী-বিধায়কসকলে প্রায় ৯০ জনী নিজৰ মাজত ভগাই লোৱা ঘটনা ৰাজহুৱা হোৱাৰ পিছত গৰুখুঁটি প্রকল্পৰ দায়িত্বত থকা বিধায়ক পদ্ম হাজৰিকা আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু মন্ত্রী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমত পৰস্পৰ বিৰোধী বক্তব্য দিয়া বুলিও অভিযোগ কৰে। উল্লেখযোগ্য যে অসম দুগ্ধ উন্নয়ন বিভাগে প্রকাশ কৰা ১৫ জনীয়া ৰাজসাহায্যপ্রাপ্ত তালিকাক লৈ হোৱা বিতৰ্কৰ পিছত কেইটামান মৌলিক প্রশ্ন উত্থাপন হোৱা বুলি উল্লেখ কৰি দলটোৱে এই ৰাজসাহায্যৰ গোটেই প্রক্রিয়াটো ২০২২ চনত আৰম্ভ হৈছিল বুলি কয়। সেই সময়ত পশুপালন সঞ্চালকালয়ৰ সঞ্চালক আছিল উৎপল শর্মা। পৰৱৰ্তী সময়ত কৰুণা শৰ্মা, জাভিৰ ৰাহুল চুবেশৰ পিছত পাঞ্চালী কাকতি সঞ্চালিকা হৈ থকা সময়ত যোৱা ৩১ মে' তাৰিখে ১৮জন আবেদনকাৰীৰ পৰা ১৫ জনকহে ৰাজসাহায্যৰ বাবে নির্বাচিত কৰা তালিকাখন প্রকাশ পায়। আশ্চর্যজনকভাবে বাছনী সমিতিয়ে নির্বাচিত কৰা তালিকাৰ লগত শেহতীয়াকৈ প্রকাশ পোৱা চূড়ান্ত তালিকাখনৰ মিল নাই। এই তালিকাখন প্ৰকাশ কৰাৰ সময়তে পাঞ্চালী কাকতি আৰু বিষয়া নৱামী ডেকা দীঘলীয়া ছুটীত যাবলগীয়া পৰিস্থিতি কিয় হ'ল বুলিও প্রশ্ন কবে। তাৎপর্যপূর্ণভাৱে মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই ৰাজসাহায্যৰ এই নিয়মাৱলীৰ কেইবাটাও চর্ত পূৰণ নকৰে বুলি দলটোৱে অভিযোগ কৰে। ৰাজসাহায্য লাভৰ নিয়ম অনুসৰি ১১ বিঘা মাটি থাকিব লাগিব আৰু গাখীৰৰ ফাৰ্মখন ন্যূনতম ১০ বছৰ পুৰণি হোৱাৰ লগতে গাখীৰৰ ব্যৱসায়ত তিনি বছৰৰ আয়কৰ পৰিশোধ কৰা হ'ব লাগিব। তদুপৰি পালকজন স্নাতক হোৱাৰ লগতে দুগ্ধ পালকজন ন্যূনতম ছমাহৰ আনুষ্ঠানিক প্রশিক্ষণপ্রাপ্ত হ'ব লাগিব আৰু প্রতিষ্ঠিত মিল্ক পার্লাৰ থাকিব লাগিব। কিন্তু মন্ত্রী পত্নীয়ে জে এম বি একুৱা এগ্র' প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালকৰ দায়িত্ব লৈছিল ২০২০ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখেহে। ইয়াৰ পৰাই স্পষ্টভাবে বুজিব পাৰি যে কেইবাগৰাকীও যোগ্য প্রার্থীক বঞ্চিত কৰি শাসকীয় দলৰ মন্ত্রী-বিধায়কৰ নেতা-পালিনেতাই সম্পূর্ণ অনৈতিকভাবে নিজৰ নাম সন্নিবিষ্ট কৰিছে বুলি ৰাইজৰ দলে অভিযোগ কবে। ইফালে গৰুখুঁটি প্রকল্পৰ নামত অনা ৩০০ গিৰ গাইৰ ৯০টা গৰু যিসকল মন্ত্রী-বিধায়ক, বিজেপি নেতা আৰু ব্যৱসায়ীয়ে ভগাই লৈছিল, তেওঁলোকৰো কেইবাগৰাকীৰো গো-পালন কৰা কোনো ফাৰ্মৰ অস্তিত্বই নাই। মুখ্যমন্ত্রীয়ে উল্লেখ কৰাৰ দৰে কি উদ্দেশ্যত পৰীক্ষা নকৰাকৈ উচিত টিকাকৰণৰ ব্যৱস্থা নকৰাকৈ আৰু পর্যাপ্ত গোহালিৰ ব্যৱস্থা নকৰাকৈ এই গৰু অনা হৈছিল বুলি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক বাছেল হুছেইনে প্রশ্ন কৰে। গৰুখুঁটিৰ নামত কেৱল চমক সৃষ্টি কৰাৰ বাবে ৰাজকোষৰ ধন অপচয় কৰি এই গৰু গুজৰাটৰ পৰা আমদানি কৰা হোৱাটো স্পষ্ট হোৱা বুলিও তেওঁ প্রকাশ কৰে। ইয়াৰ লগতে গো-পালনৰ নামত মন্ত্রী আৰু বিধায়কৰ পত্নীয়ে 'অফিচ অফ প্রফিট'ৰ তত্ত্বটোক সম্পূর্ণ অৱজ্ঞা কৰি গাইপতি ৫০ লাখ টকাৰ ৰাজসাহায্য লোৱা ঘটনাই চৰকাৰখনৰ অৰ্থনৈতিক অনিয়ম, দুর্নীতিয়ে কি ধৰণে তললৈকে শিপাই গৈছে সেই কথা স্পষ্ট কৰিছে বুলিও কয়। ইফালে ৰাজসাহায্যৰ নামত কৰা অনৈতিক কাৰ্যক ৰাইজৰ দলে তীব্র গৰিহণা দি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰাই দোষীক উচিত শাস্তি দিয়াৰ বাবে দাবী কৰে।

Share This