ডিজিটেল ডেস্ক : গোলাঘাটত আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কাৰাবন্দী ৰোগীৰ চিকিৎসা কক্ষৰ পৰা পলাল তিনিজনকৈ হাজোতী। ইয়াৰে এজন হ'ল ২০২৩ চনত গোলাঘাট জোকাৰি যোৱা ত্রিপল মাৰ্ডাৰৰ লগত জড়িত অভিযুক্ত নাজিবুৰ ৰহমান। আন দুটা হ'ল গভাইত চোৰ ৰূপম কলিতা আৰু অজয় কলিতা।
চিকিৎসালয়ৰ চিকিৎসা কক্ষৰ আৰক্ষীৰ বেহু ফালি আৰক্ষীৰে বাইক লৈ তিনি হাজোতী কেনেদৰে পলাবলৈ সক্ষম হ'ল তাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ইতিমধ্যে গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ দিশটো তদাৰক কৰিছে যদিও আৰক্ষীৰ নগ্ন স্বৰূপ গোলাঘাটত পুনৰ এবাৰ প্রতীয়মান হ'ল।
জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, পলাতক হাজোতীকেইজনক কৰায়ত্ত কৰাটো এতিয়া প্রধান দায়িত্ব। পুৱাৰে পৰা গোলাঘাট আৰক্ষীয়ে কাৰিকৰীগত দিশৰ লগতে সৰ্বশক্তি ব্যৱহাৰ কৰিছে পলাতক হাজোতীকেইটাক কৰায়ত্ত কৰিবৰ বাবে। এই ঘটনাৰ বাবে দোষীয়ে বিভাগীয় নাইবা আইনগত সকলো শাস্তিয়েই পাব বুলিও জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্ট কৰে।