ছৌডি আৰবত য়েমেনৰ হুথী বিদ্রোহীৰ ভয়ংকৰ আক্ৰমণ, আৰামক' শোধনাগাৰত ৩টা ক্ষেপণাস্ত্ৰৰে আঘাত

dainik janambhumi July 26, 2026

ডিজিটেল ডেস্ক : ছৌডি আৰবৰ জাজানত থকা আৰামক' তেল শোধনাগাৰত হুথী বিদ্রোহীয়ে ৩টা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। উল্লেখযোগ্য যে প্রতিদিনে ৪ লাখ বেৰল তেল শোধন কৰিব পৰা আৰামক' হৈছে ছৌডিৰ পঞ্চমটো বৃহৎ শোধনাগাৰ। লোহিত সাগৰৰ উপকূলীয় অঞ্চলত থকা এই শোধনাগাৰটো হৈছে ছৌডি আৰবৰ শক্তি আন্তঃগাঁথনি আৰু তেল ৰপ্তানি নেটৱৰ্কৰ গুৰুত্বপূৰ্ণ অংশ। 

য়েমেনত ছৌডি আৰবে হুথী বিদ্রোহীৰ স্থানসমূহত আক্রমণ চলোৱাৰ পাছতেই ইৰান সমৰ্থিত বিদ্রোহী গোটটোৱে শনিবাৰে এই প্রত্যাক্রমণ কৰে। উল্লেখযোগ্য যে হুথী বিদ্রোহীয়ে কালি ছৌডিত আক্ৰমণৰ ভিডিঅ' জাৰি কৰে। আনহাতে, ইজৰাইলী প্রধানমন্ত্রী নেটান্যাহু অহা সোমবাৰে আমেৰিকাত উপস্থিত হ'ব আৰু ইৰান যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰে মুখামুখিকৈ আলোচনাত মিলিত হ'ব। 

ইফালে, শুকুৰবাৰে ইৰানী সেনাই কুৱেইটস্থিত তিনিটা মার্কিন সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্রমণ চলায়। মার্কিন সেনাৰ আৰিফজান, ডোহা আৰু আদাইৰী ঘাটিত ইৰানী সেনাই আঘাত হানে।

Share This