সুধাকণ্ঠৰ জন্ম শতবার্ষিকী, সামৰণী অনুষ্ঠান হ'ব 'ভাৰত মণ্ডপম'ত

dainik janambhumi May 14, 2026

ডিজিটেল ডেস্ক: সংগীতসূর্য ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সমাৰোহৰ সামৰণী অনুষ্ঠান অহা ৮ ছেপ্টেম্বৰত নতুন দিল্লীত বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। 

কালি কেবিনেট বৈঠকৰ পাছতেই এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কয়, 'সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সমাৰোহৰ সামৰণী অনুষ্ঠান আৰু সংগ্ৰহালয় স্থাপনৰ সন্দৰ্ভত কেবিনেটত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে। সেই অনুসৰি ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সমাৰোহৰ সামৰণী অনুষ্ঠান ৮ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰা হ'ব। 

বৰ্ষজোৰা জন্ম শতবার্ষিকী অনুষ্ঠান সেইদিনাই সমাপ্ত হ'ব। একেদৰে ৩২ কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনাইছে। এই সংগ্রহালয়টো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্থাপন কৰা হ'ব, য'ত হাজৰিকাৰ সৈতে জড়িত হৈ থকা বিভিন্ন সম্পদৰাজি সংৰক্ষণ কৰা হ'ব। এই সংগ্ৰহালয়টো স্থাপনৰ বাবে ১৩ কোটি টকা নর্থ-ইষ্ট কাউঞ্চিলে দিব আৰু ২০ কোটি টকা অসম চৰকাৰে ব্যয় কৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Share This