ডিজিটেল ডেস্ক : ৰিয়ান ৰিকলটনৰ বিধ্বংসী অবিজিত শতৰান সত্ত্বেও আই পি এলৰ কালিৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত ৬ উইকেটত পৰাজিত হয় মুম্বাই ইণ্ডিয়ানছ। মুম্বাইৰ ৫ উইকেটত ২৪৩ ৰানৰ প্ৰত্যুত্তৰত হায়দৰাবাদে হেইনৰিখ ক্লাছেনৰ অবিজিত ৬৫ ৰানৰ জৰিয়তে ১৮.৪ অ'ভাৰত চাৰিটা উইকেট হেৰুৱাই ২৪৯ ৰান কৰি প্রতিযোগিতাখনত ষষ্ঠটো জয়ৰ মুখ দেখে।
জয়ৰ বাবে ২৪৪ ৰানত পিছ লোৱাৰ পথত ট্রেভিছ হে'ড (৩০ বলত ৭৬ ৰান) আৰু অভিষেক শর্মাই (২৪ বলত ৪৫ ৰান) প্রথম উইকেটৰ যুটিত ১২৯ ৰানৰ সংযোজন ঘটাই দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইয়াৰ আগেয়ে ৰিয়ান ৰিকলটনৰ (১২৩) বিধ্বংসী অবিজিত শতৰানৰ জৰিয়তে মুম্বাই ইণ্ডিয়ানছে ৫ উইকেটত ২৪৩ ৰানৰ শক্তিশালী স্ক'ৰ থিয় কৰিছিল।
৫৫টা বলত ১০টা চাৰি আৰু পাঁচটা ছয়েৰে নিজৰ অবিজিত ১২৩ ৰানৰ ইনিংছটো সজোৱা ৰিকলটনে উইল জেকছৰে (২২ বলত ৪৬) মিলি ৭.১ অ'ভাৰত অপৈনিঙৰ যুটিত ৯৩ ৰানৰ যুটি বান্ধি দলৰ বৃহৎ স্ক'ৰৰ ভেটি গড়ে। মুম্বাইৰ অধিনায়ক হার্দিক পাণ্ডিয়াই ১৫টা বলত গুৰুত্বপূৰ্ণ ৩১ ৰানৰ অৱদান যোগায়। হায়দৰাবাদৰ প্ৰফুল হিংগে সর্বাধিক দুটা, এছান মালিংগা, ছাকিব হাছান আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে পায় এটাকৈ উইকেট।