ডিজিটেল ডেস্ক: ছানৰাইজাৰ্ছ হায়দৰাবাদক ৮২ ৰানত হৰুৱাই গুজৰাট টাইটানছে চলিত সংস্কৰণৰ আই পি এলৰ পইণ্টৰ তালিকাত শীর্ষস্থান দখল কৰিছে। ছাই সুদৰ্শনৰ ৬১ আৰু ৱাশ্বিংটন সুন্দৰৰ ৫০ ৰানৰ জৰিয়তে কালি প্রথমে বেট ধৰি গুজৰাটে ৫ উইকেটত ১৬৮ ৰান কৰে। প্ৰত্যুত্তৰত হায়দৰাবাদে ১৪.৫ অ'ভাৰত মাথো ৮৬ ৰানত অল-আউট হয়। দলৰ হৈ মাত্ৰ চাৰিগৰাকী বেটাৰেহে দুটা অংকৰ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
কাগিছো ৰাবাদা (৩-২৮) আৰু জেছন হ'ল্ডাৰে (৩-২০) হায়দৰাবাদৰ বেটিং লাইন আপ ভাঙি পেলায়। গুজৰাটে তেনেদৰেই লেঠাৰিকৈ পঞ্চমটো জয়ৰ মুখ দেখে। ইয়াৰ আগেয়ে, ছাই সুদৰ্শন আৰু ৱাশ্বিংটন সুন্দৰৰ অৰ্ধ শতকৰ সহায়ত ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে আই পি এলৰ কালিৰ খেলত প্রথমে বেট ধৰি গুজৰাট টাইটানছে সংগ্ৰহ কৰে ৫ উইকেটত ১৬৮ ৰান। সুদৰ্শনে ৪৪টা বলত ৫টা চাৰি আৰু দুটা ছয়েৰে ৬১ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান যোগায়।
আনহাতে, ৱাশ্বিংটনে ৩৩টা বলত সাতটা চাৰি আৰু ১টা ছয়েৰে শেষৰ ফালে ৫০ ৰানৰ কঠিন ইনিংছ খেলে। দলৰ হৈ নিশান্ত সিন্ধুৱেও ২২ ৰানৰ উল্লেখনীয় অৱদান আগবঢ়ায়। হায়দৰাবাদৰ হৈ প্রফুল সিংগেই (২-১৭), অধিনায়ক পেট কামিনছ (১-২০), আৰু ছাকিব হুছেইনে (২-৩৭) গুজৰাটৰ পতন ঘটা ৫টা উইকেট ভগাই লয়।