ধৰ্মত অলৌকিকতাবাদ

Kakali Deka October 25, 2023

ডিজিটেল ডেস্ক: জীৱ সৃষ্টিৰ ৰহস্য-বিতৰ্কৰ সৰ্ব গ্রহণযোগ্য সমাধান কল্পনাতীত। জীৱ সৃষ্টিৰ ৰহস্য সম্পৰ্কে বিজ্ঞান, ধর্মীয় বিশ্বাস বা অন্য যি কোনো মতবাদে দাঙি ধৰা সিদ্ধান্ত সকলোৰে বাবে গ্ৰহণযোগ্য জানো? সর্ব গ্রহণযোগ্য এই কাৰণে নহয়, কাৰণ বিভিন্ন মতবাদে দাঙি ধৰা সিদ্ধান্তৰ কোনো সমতা (uniformity) নাই, বৰঞ্চ পৰস্পৰ বিপৰীত ধৰ্মীহে। জীৱ সৃষ্টি ৰহস্যৰ দৰে বিভিন্ন ধৰ্মাৱলম্বী বা বিভিন্ন মতবাদত বিশ্বাসীজনে পালন কৰা ধৰ্মীয় আনুষ্ঠানিকতা অকল বৈপৰীত্যৰে ভৰাই নহয় পৰস্পৰ বিপৰীত চিন্তা- চেতনাৰ এক জটিল সমীকৰণো।

হিন্দু, মুছলমান, খ্রীষ্টান, বৌদ্ধ আদি সকলো ধৰ্মৰে মতবাদ তথা পালন কৰা ধৰ্মীয় ৰীতি-নীতি বেলেগ বেলেগ। হয়তো উদ্দেশ্য সকলোৰে এক, ঈশ্বৰ-প্ৰাপ্তি। কিন্তু নিজৰ ধৰ্মক শ্ৰেষ্ঠ বুলি ভাবি আন্তৰিকতাৰে ধৰ্মীয় ৰীতি-নীতি পালন কৰাৰ পাছত ঈশ্বৰ- প্রাপ্তি বা অন্য কিবা বৈষয়িক (material) লাভ যে নহয় সেয়া সঁচা। কিন্তু মানসিকভাৱে যে ভক্তজন লাভান্বিত হয় সেয়া নিশ্চিতভাৱে ক'ব পাৰি। নিজৰ গাড়ীখনেৰে যাত্ৰা কৰাৰ সময়ত বহুতে ধূপ এডাল জ্বলাই সেৱা কৰি ষ্টেয়াৰিঙত হাত দিয়ে। ধূপডাল জ্বলাই সেৱা কৰাই এইটো নিশ্চিত নকৰে যে 

যাত্ৰা পথত গাড়ীখনৰ কোনো বিজুতি নঘটিব বা কোনো দুর্ঘটনা নঘটিব। কিন্তু যাত্ৰাৰ আৰম্ভণিতে চালকে কৰা সামান্য ধৰ্মীয় আনুষ্ঠানিকতাটো চালকৰ মানসিক শান্তি তথা একাগ্ৰতা বৃদ্ধি যে সহায়ক হয় সেয়া এশ শতাংশই সঁচা ।

যিকোনো ধৰ্মাৱলম্বীয়ে পালন কৰা ধৰ্মীয় আনুষ্ঠানিকতা বা ৰীতি-নীতিয়ে অলৌকিকভাৱে লাভান্বিত কৰিব বুলি ভবাটো ভুল। কেতিয়াবা ঈশ্বৰৰ ওচৰত মানস কৰা প্ৰাৰ্থনাটো আশা কৰা ধৰণে পূৰ্ণ হ'বও পাৰে। ল'ৰাটো প্ৰথম বিভাগত উত্তীর্ণ হওক বুলি দিয়া পূজাভাগৰ বাবেই যে প্রথম বিভাগত উত্তীর্ণ হৈছে সেয়া সঁচা নহয়। ল'ৰাটোৰ পৰীক্ষা ভাল হৈছে ল'ৰাটোৰ মেধাৰ বাবে, মাক-দেউতাকে দিয়া পূজাভাগৰ বাবে নহয় ৷ কেতিয়াবা কাকতালীয়ভাৱে ঈশ্বৰৰ ওচৰত কৰা প্ৰাৰ্থনা মিলি যাবও পাৰে। সেয়া ঈশ্বৰৰ অলৌকিক ক্ষমতা প্রদত্ত আশীৰ্বাদৰ বাবে নহয়।

ধর্মত অলৌকিকতাবাদৰ অস্তিত্বৰ ধাৰণা অমূলক । আশা কৰা ধৰণে কাল্পনিক ঐশ্বৰিক শক্তিয়ে প্রত্যক্ষভাৱে কোনো ভক্তকে লাভান্বিত কৰিব বুলি ভবাটো ভুল। কিন্তু ঈশ্বৰৰ প্ৰতি থকা ভক্তৰ একাগ্ৰতা, শ্রদ্ধা আদিয়ে ঈশ্বৰ বিশ্বাসী ভক্তৰ মনলৈ যে এক অফুৰন্ত মানসিক শান্তি আৰু দৃঢ়তা আনে তাত কোনো দ্বিমত থাকিব নোৱাৰে। ঈশ্বৰ বিশ্বাসে আনি দিয়া মানসিক শান্তি আৰু দৃঢ়তাৰ বাবে ঈশ্বৰে যে ভক্তক অলৌকিকভাৱে প্রত্যক্ষ বৈষয়িক লাভ প্রাপ্তিত সহায় নকৰে তাতো কোনো দ্বিমত থাকিব নোৱাৰে বুলি ভাবোঁ। উৰাজাহাজখন দুৰ্ঘটনাত পতিত হলে, অকল ঈশ্বৰ ভক্তসকলে যে বিপদমুক্ত হ’ব সেয়া কেতিয়াও হ'ব নোৱাৰে । দৈৱক্ৰমে মহা নাস্তিকজনো বাচি যাব পাৰে ৷ ‘প্রকৃতিয়ে ঈশ্বৰ’। মহান বিজ্ঞানী আইনষ্টাইনৰ এই মতবাদটো সত্য যেন অনুভৱ হয়। থূলমূল বক্তব্য হ'ল যে ঈশ্বৰ বিশ্বাসে ভক্তক বৈষয়িকভাৱে লাভবান্বিত নকৰে যদিও মানসিক দৃঢ়তা প্রাপ্তিত নিশ্চিতভাৱে সহায় কৰে। তদুপৰি সুস্থভাৱে পালন কৰা কোনো ধর্মীয় আনুষ্ঠানিকতাই বিভিন্ন ধৰ্মাৱলম্বী মানুহক শান্তিৰে সহাৱস্থানত সহায় কৰে।

Share This