ইৰান-আমেৰিকাৰ যুদ্ধ-বিৰতিয়ে পেলোৱা নাই প্ৰভাৱ, বিশ্বৰ বজাৰলৈ প্ৰতিদিনে বন্ধ ১.৩০ কোটি খাৰুৱা তেলৰ যোগান

dainik janambhumi April 25, 2026

ডিজিটেল ডেস্ক: ইৰান আৰু আমেৰিকাৰ মাজত চলি থকা যুদ্ধ-বিৰতিয়ে বিশ্বত খাৰুৱা তেলৰ দাম হ্ৰাস কৰাত সহায় কৰা নাই। আমেৰিকাই প্ৰণালীটোত ইৰানৰ বিৰুদ্ধে অৱৰোধ কৰি ৰখা আৰু ইৰানে প্ৰত্যুত্তৰত এই সামুদ্রিক পথেৰে আন দেশৰ জাহাজ পাৰ হোৱাৰ অনুমতি নিদিয়াত বিশ্বৰ খাৰুৱা তেলৰ সৰবৰাহত সৃষ্টি হোৱা প্রতিবন্ধকতা এতিয়াও দূৰ হোৱা নাই। ইয়াৰ ফলত বিশ্বৰ প্রায় ২০% খাৰুৱা তেলৰ সৰবৰাহত বাধাৰ সৃষ্টি হয়। 

আন্তঃৰাষ্ট্ৰীয় শক্তি এজেন্সীৰ মতে, মধ্য প্রাচ্যৰ যুদ্ধৰ ফলত প্ৰতিদিনে বিশ্বব বজাৰলৈ প্রায় ১.৩০ কোটি বেৰল খাৰুৱা তেলৰ যোগান বন্ধ হৈ আছে। এতিয়া ইয়াৰ প্ৰভাৱ পৰিছে বিশ্বৰ খাৰুৱা তেলৰ বজাৰত। বজাৰত খাৰুৱা তেলৰ দাম পুনৰ ১০০ ডলাৰ পাৰ হয়। কালি চুক্তি অনুসৰি ভৱিষ্যতে যোগান ধৰিবলগীয়া ব্রেন্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১.২৩ ডলাৰ বা ১.১৭% বৃদ্ধি পাই ১০৬.৩ ডলাৰ হয়গৈ। ইফালে, পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েত খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১.০৭ ডলাৰ বা ১.১২% বৃদ্ধি পাই ৯৬.৯২ ডলাৰ হয়। 

উল্লেখযোগ্য যে ইৰানৰ এয়াৰ ডিফেন্সৰ প্ৰস্তুতি তথা দেশখনত ক্ষমতাক লৈ চলি থকা অভ্যন্তৰীণ কন্দলৰ ফলত দুয়োপক্ষৰ মাজত দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত নোহোৱাৰ ফলত পুনৰ যুদ্ধৰ আশংকা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলতো খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱা বুলি কোৱা হৈছে

Share This