ডিজিটেল ডেস্ক : বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত চৰকাৰে উচ্ছেদ অভিযান চলাই আছে আৰু অনাগত দিনতো অভিযান চলাই যাব। বেদখলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। আনহাতে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বেদখলকাৰীৰ পক্ষ লোৱা বুলি অভিমত ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'অখিল গগৈৰ মতে, উচ্চতম ন্যায়ালয় আৰু উচ্চন্যায়ালয় নচলে। অখিল গগৈৰ কথা শুনাৰ মোৰ অভ্যাস নাই। আগতেও তেওঁৰ কথা শুনা নাছিলোঁ আৰু ভৱিষ্যতেও তেওঁৰ কথা নুশুনো।'
আনহাতে, সংৰক্ষিত বনাঞ্চলৰ মাটি যদি বেদখল কৰে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যদি ন্যায়সংগত যুক্তি নাথাকে, তেনেহ'লে উচ্ছেদ কৰা হ'ব বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এনে স্থানত উচ্ছেদ চলোৱাৰ বাবে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চন্যায়ালয়ে আমাক নির্দেশ দিছে।
চৰকাৰে বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত উচ্ছেদ কৰিব। ইফালে, কচুতলীৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে বেটেলিয়ন কেম্প হোৱাৰ লগে লগে কচুতলীত নাথাকিব এজনো সন্দেহযুক্ত দখলকাৰী। ইতিমধ্যে কেম্পটো স্থাপনৰ বাবে কাম-কাজ আৰম্ভ হৈছে।