ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে সোমবাৰে কয় যে গুজৰাটৰ জামনগৰৰ পশু উদ্ধাৰ আৰু পুনর্বাসন কেন্দ্ৰ বনতাৰাৰ কাৰ্য প্ৰণালীৰ বাবে গঠিত এটা বিশেষ তদন্তকাৰী দলে (এছ আই টি) ইয়াক দোষমুক্ত কৰে (ক্লীনশ্বীট দিয়ে)।
ন্যায়াধীশ পংকজ মিটাল আৰু পি বি ভাৰালেৰে গঠিত এখন পীঠে বনতাৰাই জীৱ-জন্তুৰ বাবে গ্রহণ কৰি থকা পদক্ষেপসমূহৰ ওপৰত এছ আই টিয়ে সন্তুষ্টি প্রকাশ কৰা বুলি প্রকাশ কৰে।
উল্লেখযোগ্য যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্রকাশিত বাতৰিৰ ওপৰত ভিত্তি কৰি উচ্চতম ন্যায়ালয়ে ২৫ আগষ্টত বিষয়টো অনুসন্ধান কৰিবলৈ এখন চাৰিজনীয়া এছ আই টি গঠন কৰিছিল।