সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে পাব সাধাৰণ শ্ৰেণীৰ আসনৰ চাকৰি, সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ ঐতিহাসিক ৰায়

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে কালি এটা ঐতিহাসিক ৰায়ত এই বুলি কয় যে সংৰক্ষিত শ্ৰেণীৰ (এছ চি, এছ টি, অ' বি চি আৰু অর্থনৈতিকভাৱে দুর্বল শ্রেণী) প্রার্থী সাধাৰণ শ্ৰেণীৰ আসনত চাকৰি পোৱাৰ অধিকাৰ আছে। অৱশ্যে এই ক্ষেত্ৰত প্রার্থীয়ে সাধাৰণ শ্ৰেণীৰ বাবে নিৰ্ধাৰণ কৰা কাট অফ নম্বৰ লাভ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ এই ৰায় সংৰক্ষিত শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে বৃহৎ জয় বুলি কোৱা হৈছে। ইয়াৰ লগতে সাধাৰণ শ্ৰেণীৰ আসনৰ পৰিভাষাও উচ্চতম ন্যায়ালয়ে নতুনকৈ নির্ধাৰণ কৰিলে। 

এই গোচৰটো ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এক নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত। ৰাজস্থান উচ্চ ন্যায়ালয়ত খালী হোৱা কেইটামান পদৰ বাবে আৱেদন বিচৰা হৈছিল আৰু ইয়াত এই বুলি চর্ত বান্ধি দিয়া হৈছিল যে সাধাৰণ শ্ৰেণীৰ কাট অব মার্ক লাভ কৰিলেও সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক সাধাৰণ শ্ৰেণীৰ পদত নিযুক্তি দিয়া নহ'ব। এই প্রসংগত উচ্চ ন্যায়ালয়ে এই বুলি যুক্তি দিছিল যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক সাধাৰণ শ্ৰেণীৰ আসন দিলে তেওঁলোকক ডাবল বেনিফিট (দুই ধৰণৰ সুযোগ) দিয়াৰ দৰে হ'ব- প্রথমে সংৰক্ষণ আৰু দ্বিতীয়তে সাধাৰণ শ্ৰেণীৰ পদ। 

ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ আগষ্টিন জি মছীহক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এই যুক্তি খাৰিজ কৰি কয় যে মেধাক সন্মান জনোৱা উচিত। উচ্চতম ন্যায়ালয়ে কালি এই কথা স্পষ্ট কৰি দিয়ে যে সংৰক্ষিত শ্ৰেণীৰ কোনো এজন প্রার্থীয়ে সাধাৰণ শ্ৰেণীৰ বাবে নিৰ্ধাৰণ কৰা কাট অব মার্ক লাভ কৰিলে তেওঁক সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰূপে গণ্য কৰা হ'ব। যদিহে চূড়ান্ত ফলত প্রার্থীজনে লাভ কৰা মুঠ নম্বৰ সাধাৰণ শ্ৰেণীৰ কাট অব মার্কতকৈ কম হয় তেতিয়া তেওঁক মূল সংৰক্ষিত শ্ৰেণীৰ ভিতৰত ধৰা হ'ব যাতে তেওঁ সংৰক্ষণৰ সুবিধা লাভ কৰে।

Share This