জঘন্য অপৰাধত সময়-নিৰ্দিষ্ট শুনানিৰ প্ৰয়োজন, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ মন্তব্য

dainik janambhumi September 06, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কয় যে জঘন্য অপৰাধৰ সৈতে জড়িত গোচৰত সময়-নির্দিষ্ট শুনানিৰ প্ৰয়োজন। অন্যথা দুর্ধর্ষ অপৰাধীয়ে ব্যৱস্থাটোক হাইজেক কৰি ল'ব। বিশেষ আদালত গঠন বিষয়ত ৰাজ্যৰ সৈতে আলোচনা কৰি আছে আৰু সোনকালেই ইতিবাচক ফল পোৱা যাব বুলি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (নিয়া) ন্যায়ালয়ক জনোৱাৰ সময়তে ন্যায়ালয়ে এই মন্তব্য কৰে। 

ন্যায়াধীশ সূর্যকান্ত আৰু জয়মাল্যা বাগচীৰ পীঠৰ আগত নিয়াই ইউ এ পি এব দৰে আইনৰ অধীনত বিশেষ আদালত গঠনৰ সৈতে জড়িত গোচৰৰ শুনানিৰ সময়ত ন্যায়ালয়ক এই কথা জনায়। এই শুনানিত ন্যায়াধীশ সূর্যকান্তই মোকর্দমা সময়ত সম্পূর্ণ কৰাত গুৰুত্ব দিয়ে। তেওঁ নিয়াৰ হৈ উপস্থিত থকা অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বর্যা ভাটীক কয় যে যদি তেওঁ সময়মতে মোকর্দমা নিষ্পত্তি কৰিব পাৰে, সেয়া তেওঁৰ বাবে এক উৎসাহৰ কথা হ'ব। 

বিশেষকৈ এনেধৰণৰ জঘন্য অপৰাধত ই সমাজৰ বাবে এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব। সকলো দুর্দান্ত অপৰাধীলৈও বার্তা প্ৰেৰণ কৰিব, যিবোৰে ভাবে যে তেওঁলোকে সম্পূর্ণ ব্যৱস্থাটো হাইজেক কৰিব পাৰে। তেনেবোৰ অপৰাধীয়ে ১০ বছৰলৈ মোকর্দমা সম্পূর্ণ হ'বলৈ নিদিব আৰু আদালতে উপায়হীন হৈ জামিন মঞ্জুৰ কৰিব। ভাটীয়ে পীঠক জনায় যে এই প্রক্রিয়াত ৰাজ্যবোৰকো অন্তর্ভুক্ত কৰিব লাগিব, কাৰণ নিয়াৰ আদালত গঠন কৰাৰ অধিকাৰ ৰাজ্যৰ হাততহে আছে।

Share This