শিক্ষানুষ্ঠানলৈ ১৫টা নির্দেশ উচ্চতম ন্যায়ালয়ৰ

dainik janambhumi July 27, 2025

ডিজিটেল ডেস্কঃ ভাৰতৰ শিক্ষা প্রতিষ্ঠানবোৰত বৃদ্ধি পোৱা আত্মহত্যাৰ ঘটনা হ্রাস কৰাৰ লক্ষ্যৰে উচ্চতম ন্যায়ালয়ে শিক্ষা প্রতিষ্ঠানবোৰৰ বাবে ১৫টা নিৰ্দেশাৱলী জাৰি কৰিছে। 

এই নির্দেশাবলী জাৰি কৰা হৈছে বিদ্যালয়, মহাবিদ্যালয়, ক'চিং চেণ্টাৰ, বিশ্ববিদ্যালয়, প্রশিক্ষণ প্রতিষ্ঠান আৰু ছাত্ৰাৱাস-ছাত্ৰীনিৱাসৰ বাবে। ন্যায়ালয়ে উনুকিয়ায় যে শৈক্ষিক-মানসিক চাপ, পৰীক্ষাৰ হেঁচা আৰু শিক্ষা প্রতিষ্ঠানৰ সহায়-সহযোগৰ অভাৱৰ বাবে শিক্ষার্থীসকলে আত্মহত্যা কৰিছে। এই নিৰ্দেশাৱলীত আছে মানসিক স্বাস্থ্যৰ বাধ্যতামূলক কাউন্সিলিং, দুখ-দুর্দশা প্ৰতিকাৰৰ কাৰ্যকৰী ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশৰ তদাৰকী ব্যৱস্থা। ন্যায়ালয়ৰ নিৰ্দেশাৱলীত কোৱা হৈছে, 'সু-সংহত, অনানুষ্ঠানিক আৰু গোপন সহায়ৰ বাবে ক্ষুদ্র ক্ষুদ্ৰ গোটৰ শিক্ষাৰ্থীৰ বাবে দায়বদ্ধ উপদেষ্টা বা পৰামৰ্শদাতা নিয়োগ কৰিব লাগিব, বিশেষকৈ পৰীক্ষাৰ সময়ছোৱাত আৰু শৈক্ষিক পৰিৱৰ্তনৰ সময়ত।' 

এই নিৰ্দেশাৱলীত শিক্ষা প্রতিষ্ঠানসমূহৰ সকলো শৈক্ষিক আৰু অনা-শৈক্ষিক কৰ্মচাৰীক বছৰত দুবাৰ মানসিক স্বাস্থ্যৰ প্রশিক্ষণ বাধ্যতামূলক কৰা হৈছে। প্রমাণ-পত্ৰ লাভ কৰা মানসিক স্বাস্থ্যৰ পেছাদাৰীৰ নেতৃত্বৰ এই প্রশিক্ষণে আত্ম-অনিষ্টৰ ব্যথাৰ লক্ষণ চিনাক্ত কৰি মানসিক ফার্স্ট-এইডত মনোযোগ দিব। তদুপৰি প্রতিষ্ঠানবোৰে এই কথা নিশ্চিত কৰিব লাগিব যাতে প্রান্তীয় আৰু সহজে পীড়িত হোৱা শিক্ষাৰ্থীৰ সৈতে বৈষম্যহীন আচৰণেৰে, সংবেদনশীল আৰু সর্বাত্মকভাৱে জড়িত হোৱাকৈ কৰ্মচাৰীসকল উপযুক্ত হয়। তদুপৰি শিক্ষা প্রতিষ্ঠানবোৰে যৌন হাৰাশাস্তি, ৰেগিং আৰু আন অভিযোগ সুচাৰুৰূপে সমাধান কৰিবলৈ আৰু পীড়িত শিক্ষার্থীক মনো-সামাজিক সহায় আগবঢ়াবলৈ এখন অভ্যন্তৰীণ সমিতি গঠন বা কর্তৃপক্ষ নিয়োগ কৰিব লাগিব। 

উচ্চতম ন্যায়ালয়ৰ পীঠে আৰু কয়, 'টেলি-মানস আৰু আন ৰাষ্ট্ৰীয় সেৱাসমূহকে ধৰি আত্মহত্যাৰ বিষয়ৰ হেল্পলাইন নম্বৰসমূহ ছাত্ৰাৱাস-ছাত্রীনিবাস, শ্ৰেণীকোঠা, ৰাজহুৱা ঠাই আদিত প্ৰদৰ্শন কৰিব লাগিব।' এন চি আৰ বিৰ এটা তথ্যৰ ভিত্তিত ন্যায়ালয়ে এই নির্দেশ দিয়ে। নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ৰ (এন চি আৰ বি) মতে ভাৰতত ২০২২ চনত দেশজুৰি ১,৭০,৯২৪জন লোকে আত্মহত্যা কৰিছে আৰু ইয়াৰে ১৩,০৪৪ গৰাকী শিক্ষার্থী। ন্যায়াধীশ বিক্রম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ পীঠে শুকুৰবাৰে কয় যে শিক্ষার্থীক মানসিক যাতনা, শৈক্ষিক হেঁচা আৰু সহায়-সহযোগৰ অভাৱৰ পৰা সুৰক্ষা দিবলৈ প্রাতিষ্ঠানিক নিৰাপত্তামূলক ব্যৱস্থা বলবৎ কৰিব লাগিব।

Share This