ডিজিটেল ডেস্কঃ অসমত ভুৱা এনকাউণ্টাৰক লৈ কঠোৰ ন্যায়ালয়ে। ৰাজ্যখনত মাত্ৰ এটা বছৰত সংঘটিত ১৭১টা ভুৱা এনকাউণ্টাৰৰ গোচৰৰ তদন্তৰ
নির্দেশ দিছে সর্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে। অসম মানৱ অধিকাৰ আয়োগক ২০২১ চনৰ মে' মাহৰ পৰা ২০২২ চনৰ আগষ্ট মাহলৈকে সংঘটিত ভুৱা এনকাউণ্টাৰসমূহৰ নিৰপেক্ষ তদন্ত কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিয়াৰ পাছত অসম আৰক্ষীত একপ্ৰকাৰ হাহাকাৰ লাগিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূর্য কান্ত আৰু এন কোটেশ্বৰ সিঙৰ খণ্ড বিচাৰপীঠে এই তদন্তৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্র তদন্ত বিচাৰি আদালতত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ আদালতে যোৱা ২৫ ফেব্ৰুৱাৰীত শুনানি গ্রহণ কৰাৰ পাছত আজি এই ৰায় প্ৰদান কৰে। শুনানিৰ পাছত আদালতে ৰায় সংৰক্ষিত ৰাখিছিল।
অৱশ্যে, বিচাৰপীঠে অভিযোগৰ গুৰুত্ব স্বীকাৰ কৰিও প্রতিটো এনকাউণ্টাৰৰ গোচৰ পৃথকভাৱে তদন্তৰ আওতাত নাহে বুলি উল্লেখ কৰে। পি ইউ চি এলৰ নিৰ্দেশনা মানি নচলাৰ বাবে বহু দাবীত বাস্তৱিক সমর্থনৰ অভাৱ বুলি বিচাৰপীঠে কয়। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰে অসমৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত এই ৰাজহুৱা স্বার্থজড়িত আৱেদন (নং ৮৬/২০২১) দাখিল কৰিছিল। তেওঁ আৱেদনখনত উল্লেখ কৰা মতে, ২০২১ চনৰ ১ মে'ৰ পৰা ২০২২ চনৰ ৩১ আগষ্টলৈ অসমত ১৭১টা ভুৱা এনকাউণ্টাৰ সংঘটিত হৈছিল। তেওঁ এই ঘটনাবোৰৰ নিৰপেক্ষ তদন্তৰ লগতে চি বি আই তদন্ত আৰু ন্যায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ আৱেদন কৰিছিল। ইয়াৰ উপৰি তেওঁ তদন্তৰ পাছত ভুৱা এনকাউণ্টাৰত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈয়ো আৱেদন কৰিছিল।
আৱেদনকাৰীৰ হৈ যুক্তি প্রদর্শন কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্রশান্ত ভূষণে আৰু তেওঁক সহযোগ কৰে ৰিয়া যাদৱে। শুনানিৰ সময়ত ন্যায়ালয়ে সকলো দিশ পৰ্যবেক্ষণ কৰি ভুৱা এনকাউণ্টাৰৰ অভিযোগ গুৰুতৰ বুলি স্বীকাৰ কৰিছিল। অসমত সংঘটিত কিছুমান ঘটনাত ভুৱা এনকাউণ্টাৰ হ'ব পাৰে বুলি কৰা অভিযোগ সঁচাকৈয়ে গুৰুতৰ আৰু যদি প্রমাণিত হয়, তেন্তে ই সংবিধানৰ ২১নং অনুচ্ছেদৰ অধীনত জীৱনৰ অধিকাৰৰ এক গুৰুতৰ উলংঘন ৰূপে বিবেচিত হ'ব বুলি আদালতে মন্তব্য কৰিছিল। আদালতে বিষয়টো অসম মানৱ অধিকাৰ আয়োগলৈ তদন্তৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। উচ্চতম ন্যায়ালয়ে লগতে ২০২২ চনৰ ১৮ জানুৱাৰীত অসম মানৱ অধিকাৰ আয়োগৰ নিজাববীয়াকৈ গোচৰৰ সামৰণি আদেশ বাতিল কৰে আৰু গোচৰটো পুনৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে। ৰায়টোত অভিযুক্ত ভুক্তভোগীসকল বা তেওঁলোকৰ পৰিয়ালক তদন্তত অংশগ্ৰহণ কৰাৰ বাবে সুযোগ দিয়াৰ নির্দেশো দিয়ে। আনহাতে, আদালতে ৰাজ্যিক মানৱ অধিকাৰ আয়োগক ৰাজহুৱা শুনানিৰ বাবে ইংৰাজী আৰু স্থানীয় ভাষাৰ বাতৰিকাকতত ৰাজহুৱা জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে ভুক্তভোগীসকলৰ পৰিয়ালৰ কথা তদন্তকাৰীসকলে গম পাব পাৰে।
প্রণিধানযোগ্য যে এই গোচৰত অসম চৰকাৰে এক শপতনামাযোগে দাবী কৰিছিল যে যোৱা দহ বছৰত আৰক্ষীৰ অভিযানত পলায়ন কৰা অপৰাধীসকলৰ মাত্র ১০ শতাংশহে আহত হৈছে আৰু এয়া আত্মৰক্ষাৰ ব্যৱস্থা হিচাপে কৰা হৈছিল। লক্ষণীয় যে ২০২১ চনৰ মে'ৰ পৰা ২০২২ চনৰ আগষ্টলৈ অসম আৰক্ষীয়ে কৰা ভুৱা এনকাউণ্টাৰত ২৮জন লোকৰ মৃত্যু হৈছিল