তদন্তৰ বাবে এছ আই টি গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

dainik janambhumi May 20, 2025

ডিজিটেল ডেস্কঃ কর্নেল ছফিয়া কুৰেশ্বীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ে মধ্য প্রদেশৰ মন্ত্ৰী বিজয় শ্বাহক সমালোচনা কৰে আৰু তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এফ আই আৰ মৰ্মে তদন্ত কৰিবলৈ তিনিজনীয়া সদস্যৰ এক বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠনৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ সূর্যকান্ত আৰু এন কোটিশ্বৰ সিঙৰ পীঠে কয় যে পীঠে তেওঁ মন্তব্য কৰা আৰু ক্ষমা বিচৰাৰ ভিডিঅ' চাইছে। পীঠে কয়, 'সেইবোৰ ঘঁৰিয়ালৰ চকুপানী নে আইনী প্ৰক্ৰিয়াৰ পৰা হাত সৰাৰ চেষ্টা?' ন্যায়াধীশ সূর্যকান্তই কয়, 'উক্ত মন্তব্যৰ বাবে সমগ্ৰ দেশেই লজ্জাবোধ কৰিছে... আপুনি লজ্জিত হোৱা উচিত। সমগ্র দেশেই আমাৰ সেনাক লৈ গৌৰৱান্বিত আৰু আপুনি এনেকুৱা মন্তব্য  কৰিছে।' 

আনহাতে, ক্ষমাৰ বিষয়তো পীঠে শ্বাহক সমালোচনা কৰি কয়, 'এয়া কেনেধৰণৰ ক্ষমা প্রার্থনা? আপুনি আপোনাৰ ভুল স্বীকাৰ কৰিব লাগে আৰু ক্ষমা প্রার্থনা কৰিব লাগে। কিন্তু আপুনি কৈছে যদি আপুনি কোনো ভুল কৰিছে... তেন্তে ক্ষমা বিচাৰিছে। এয়া ক্ষমা খোজাৰ পদ্ধতি নহয়।' ইফালে পীঠে নির্দেশ দিয়ে যে এছ আই টিয়ে প্রথম প্রতিবেদন ২৮ মে'ৰ ভিতৰত দাখিল কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে মধ্য প্রদেশ আৰক্ষীৰ সঞ্চালক প্রধানক মঙলবাৰে পুৱা ১০ বজাৰ ভিতৰত তিনিজনীয়া সদস্যৰ এক এছ আই টি গঠনৰ নিৰ্দেশ দিয়ে। এই এছ আই টিৰ নেতৃত্বত থাকিব মহাপৰিদৰ্শক পদমর্যাদাৰ এজন বিষয়া।

Share This