ডিজিটেল ডেস্কঃ চাকৰিত যোগদান কৰা তাৰিখ বা স্থায়ী আৰু অতিৰিক্ত ন্যায়াধীশৰ পদমর্যাদা নির্বিশেষে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত সকলো ন্যায়াধীশক সম্পূর্ণ আৰু সমান পেঞ্চন দিবলৈ উচ্চতম ন্যায়ালয়ে সোমবাৰে নির্দেশ দিয়ে।
তদুপৰি উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ তথা সকলো জিলা ন্যায়াধীশক অৱসৰৰ পাছত সমান চৰকাৰী অৰ্থসাহায্য-সুবিধা প্রদান কৰিবলৈও নির্দেশ দিয়ে। 'এটা পদ, এটা পেঞ্চন' নীতিক সমর্থন কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ (চি জে আই) বি আৰ গৱয়ে কয় যে ন্যায়িক স্বতন্ত্রতাক আৰু ন্যায়পালিকাৰ মৰ্যাদাক সুৰক্ষা দিবলৈ দৰমহাৰ দৰে, অৱসৰৰ পাছৰ অৰ্থসাহায্য-সুবিধাৰ সমতাৰ প্ৰয়োজন।
চি জে আই গৱইৰ নেতৃত্বাধীন পীঠে সোমবাৰে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশক বছৰি ১৫ লাখ টকা আৰু উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশক বছৰি ১৩.৫ লাখ টকাকৈ সম্পূর্ণ পেঞ্চন দিবলৈ নির্দেশ দিয়ে।