ডিজিটেল ডেস্ক : সাম্প্রতিক পৰিস্থিতিত সামাজিক মাধ্যমক বিভিন্ন ব্যক্তিয়ে ন্যস্ত স্বার্থ পূৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। সামাজিক মাধ্যমত বিশেষজ্ঞৰ দৰে প'ষ্ট দি বিভিন্ন স্বার্থান্বেষী লোকে বিভিন্ন লোকক 'ব্লেকমেইল' কৰাৰ দৰে ঘটনা সংঘটিত হৈ আছে। উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত শুকুৰবাৰে গুৰুত্বপূর্ণ অভিমত প্রকাশ কৰে। সর্বোচ্চ আদালতখনে আজি কয় যে সামাজিক মাধ্যমৰ জৰিয়তে ব্লেকমেইল কৰাটো 'ডিজিটেল এৰেষ্ট'ৰ দৰে একে অপৰাধমূলক কার্য। মূলসুঁতিৰ সাংবাদিকৰ দৰে ভাও লৈ এইসকল দুষ্কৃতিকাৰীয়ে বিভিন্নজনক 'ব্লেকমেইল' কৰা কার্যত সামাজিক মাধ্যমক ব্যৱহাৰ কৰে।
এই ব্লেকমেইলিঙক চাইবাৰ প্ৰৱঞ্চকে কৰা 'ডিজিটেল এৰেষ্ট'ৰ সৈতে তুলনা কৰে সৰ্বোচ্চ আদালতে। উল্লেখযোগ্য যে নির্দিষ্ট ব্যক্তি/প্রতিষ্ঠানে সামাজিক মাধ্যমত টেবলয়ড আৰু অন্য প্লেটফর্ম কিছুমানক ব্লেকমেইলৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ বিষয়টো ভাৰতৰ ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ সূর্য কান্তৰে গঠিত বিচাৰপীঠখনৰ সন্মুখত উত্থাপন কৰাৰ পাছতেই সর্বোচ্চ আদালতৰ বিচাৰপীঠখনে এই অভিমত প্রকাশ কৰে। হাৰিয়ানা, গুজৰাট, ছট্টিশগড়, মহাৰাষ্ট্ৰ আৰু অসমত আৰক্ষীৰ কাৰ্যকলাপৰ বিষয়ত প্রশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত (পি আই এল) আবেদন দাখিল কৰা হৈছিল।
আবেদনখনত কোৱা হয় যে এই ৰাজ্যকেইখনত আৰক্ষীয়ে সামাজিক মাধ্যমত অভিযুক্ত ব্যক্তিসকলক চিত্রিত কৰি তেওঁলোকক হেণ্ডকাফ লগোৱা আৰু ৰছীৰে বন্ধা অৱস্থাৰ আৰু লাঠীৰে কোবোৱা, মজিয়াত আঁঠু কঢ়োৱা, খটখটীৰে চোঁচৰাই নিয়া আদি ফটো আৰু হ্রস্বম্যাদী ভিডিঅ' (ৰীল) ইনষ্টাগ্ৰামত নিজৰ চৰকাৰী পেজত/হেণ্ডলত আপল'ড কৰিছিল। এই সন্দৰ্ভৰ আবেদনখনৰ শুনানিৰ সময়ত ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই পীঠখনক কয় যে সামাজিক মাধ্যমত কিছুমান নির্দিষ্ট ব্যক্তিয়ে টেবলয়ড অথবা অন্য প্লেটফৰ্মত ব্লেকমেইলিঙৰ দৰে কাম কৰে। ইয়াৰ পাছতে পীঠখনে অভিমত প্রকাশ কৰে যে সামাজিক মাধ্যমত ব্লেকমেইল কৰাটো 'ডিজিটেল এৰেষ্ট'ৰ দৰে অনুৰূপ অপৰাধ। মুখ্য ন্যায়াধীশ সূর্য কান্তে কয় যে এইটো হৈছে ডিজিটেল এৰেষ্টৰ অন্য এটা ফর্মেট। দুর্ভাগ্যক্রমে এই ব্লেকমেইলক এতিয়াও অপৰাধ হিচাপে গণ্য কৰিব পৰা নাই। আৱেদনকাৰীসকলৰ পৰা অহা যুক্তিৰ শুনানি লৈ সর্বোচ্চ আদালতে সংশ্লিষ্ট পক্ষক আদেশ দিয়ে যে অভিযুক্ত লোকৰ অধিকাৰ খৰ্ব কৰি অভিযুক্তৰ বিষয়ক ভিডিঅ' যাতে কোনো ৰাজ্যৰ আৰক্ষীয়ে ইয়াৰ চৰকাৰী সামাজিক মাধ্যমৰ পেজত আপল'ড কৰিব নোৱাৰে, তাৰ বাবে এটা নতুন নিয়ম বলবৎ কৰিব লাগে।