ন্যায় ব্যৱস্থাত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ শংকিত সর্বোচ্চ আদালত

dainik janambhumi July 03, 2026

ডিজিটেল ডেস্ক : আইনী প্রক্রিয়াত কৃত্রিম বুদ্ধিমত্তা (এ আই)ৰ প্ৰয়োগৰ ক্ষেত্ৰত অধিক সাৱধান হোৱাৰ বাবে দেশৰ আইনজীবীসকললৈ আহ্বান জনাইছে উচ্চতম ন্যায়ালয়ে। দেউলীয়া ঘোষিত এটা কোম্পানীৰ বিবাদত নেশ্যনেল কোম্পানী ল ট্রিবিউনেলে (এন চি এল টি) ৰায় প্ৰদানৰ ক্ষেত্ৰত এ আইৰ সহায় লোৱা বিষয়ত উচ্চতম ন্যায়ালয়ে গভীৰ উদ্বেগ প্রকাশ কৰিছে। 

ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ আলোক আৰাধেৰ বিচাৰপীঠে বিচাৰ প্ৰক্ৰিয়াত এ আইৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা বিষয়সমূহ পৰীক্ষাৰ বাবে বাৰ কাউন্সিল অব ইণ্ডিয়াক এখন বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ দিছে। এছেল ইনফ্রাপ্রজেক্টছ দেউলীয়া গোচৰত এন চি এল টিৰ ৰায়ক একাষৰীয়া কৰি বিচাৰপীঠে কয় যে বিচাৰ আৰু ৰায়দান প্রক্রিয়াত প্রতি ঢাপতে সম্পূৰ্ণ মানুহৰ নিয়ন্ত্রণ থকা দৰকাৰ, এ আইৰ দ্বাৰা ভুৱাকৈ দিয়া ৰায়ত বিশ্বাস কৰিলে নহ'ব। 

বিচাৰপীঠে সাৱধানবাণী শুনাই প্রকাশ কৰে যে যদি চিন্তাধাৰা নিম্নগামী হয় আৰু ই অভ্যাসত পৰিণত হয়, তেন্তে ই মানৱ অস্তিত্বৰ কাৰণে গুৰুতৰ বিষয় হৈ পৰিব। আইনী সিদ্ধান্ত লোৱাটোক 'এক সাধনা' হিচাপেও বিচাৰপীঠে অভিহিত কৰে।

Share This